অবাস্তৱ-উৎপল দাস

কেতিয়াবা সপোনবোৰে বৰকৈ আমনি কৰে ।

অবাস্তৱ বাসনাই বাৰে বাৰে অশান্তি আনে মনলে ।

সাধাৰণ হোৱাৰ কাৰণে অসাধাৰণ বিসংগতিয়ে জোকাৰি যায় কিয় ?

যোগ্যতা থকাৰ পাছতো ভাগ্যকে ধিয়াই সান্ত্বনা লওঁ কিয় ?

বাস্তৱ সুন্দৰ , অবাস্তৱ হতাশাৰ মূলমন্ত্ৰহে মাথোঁ ।

 মথোঁ যোগ্য ভোগ্য বসুন্ধৰা কথাটো হেয় প্ৰতিপন্নৰে ভেঙুচালি কৰি থৈ যায় ,
এচাম শক্তি প্ৰদৰ্শনকাৰিয়ে কাঢ়ি লৈ যায় ।

আবেগৰ কোনো ঠাই নাই বাস্তৱ জগতত ।

অবাস্তৱ হ'লেও কোনো কামেই   
সততাৰ ওচৰত নোৱাৰিব জয়ী হ'বলে ।        
                   

✍️শ্ৰী উৎপল দাস 
কুৰুৱাবাহী বোকাখাত

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send