হেঁপাহৰ বিয়াখন(৩‌য় খণ্ড)-দেৱ দাস

দুপৰীয়া ৰাইজে নাম-প্ৰসংগ কৰি মাহ প্ৰসাদ আৰু কোমল চাউল এঠা দৈৰ জলপান খালে। আবেলিপৰত নিজৰ বা আন গাৱঁৰ নিমন্ত্ৰিত মহিলা সকলক দালি(বিয়া ঘৰীয়ালৈ টেকেলীত অনা দৈ ,এৱাঁ গাখীৰ আদি) সোধি জলপান খোৱাই ঘৰলৈও একোটেকেলি দি পঠাইছিল। পুৰুষ সকলক চকী, বেঞ্চত বহুৱাই টেবুলত এঠা দৈৰে চিৰা, গুৰ আৰু বুন্দিয়া খুৱাইছিল।ৰাতিৰ দৰাঘৰীয়াৰ বাবেও একেই ব্যৱস্থা আছিল।
      গধূলি বেইৰ তলত কইনাক মানুহে সাধ্য অনুসৰি সোন-ৰূপৰ আঙঠি, ফুলি,খাৰু ,কাহঁৰ কাঁহী-বাতি, বান-বটা, পাণ-বটা, পিতলৰ কলহ , চৰিয়া, চুটকেছ, বাল্টি, কাপোৰ আৰু টকা সিকা দি নুৱাইছিল। মই দেউতাই আনি দিয়া কাহঁৰ কাঁহী বাতি এযোৰ দি নুৱাইছিলোঁ। মাঁয়ে সোণৰ আঙঠি এটা আগতেই দিছিল।
      ইয়াৰ পিছত, দৰা অহাৰ আগতে ছোৱালী-বোৱাৰী বোৰে ভালৰ ভাল কাপোৰ সাজ পৰিধান কৰি ,মুখত হিমানী পাউদাৰ, নখত নখপালিচ , চুলিত গোন্ধ তেল সানি কোনোবাই ইফালে সিফালে চত্চতাই অহা-যোৱা কৰিছিল, কোনোবাই কইনা সজোৱা চাইছিল আৰু কোনোবাই কাৰোবাৰ লগত চুপতি মাৰিছিল। ল'ৰাবোৰৰ কোনোবাই বেণ্ডৰ চেওৱত নাচিছিল, কোনোবাই টুৱেণ্টিনাইন / হাজাৰী(তাচ খেল)ৰ বাজী খেলিছিল। কেইজনমান ভকতে পুঠি পঢ়িছিল। দুজনী মান ছোৱালীয়ে চাহ তামোলৰ যোগান ধৰিছিল। আৰু মই? বিয়াত পিন্ধিবলৈ দৰ্জীক চিলাবলৈ দি অহা আৰু সেই দিনা দেউতাই আনি দিয়া 'হাথী মেৰা চাথী' চিনেমাত ৰাজেশ খান্নাই পিন্ধা নিচিনা ৰঙা ফুটুকা ফুটুকী  পাঞ্জাবী চোলা এটা পিন্ধি হিৰ হৈ ওনৈছত বা বলাই তাচ খেলা চাই বহি আছিলোঁ। 
      আগলৈ...

Post a Comment

Previous Post Next Post