২১ জানুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0

🔷  ২১ জানুৱাৰী (ইংৰাজী: 21 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২১ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৪টা দিন (অধিবৰ্ষত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

🔍 ১৯৩০ চনৰ আজিৰ দিনটোত প্লুটু গ্ৰহ আৱিষ্কাৰ হৈছিল।

🔍 ১৯৫৮ চনৰ আজিৰ দিনটোত ভাৰতত কপিৰাইট আইন প্ৰৱৰ্তন কৰা হৈছিল।

🔍 ১৯৭২ চনৰ আজিৰ দিনটোত উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য মণিপুৰ আৰু ত্ৰিপুৰা প্ৰতিষ্ঠা হৈছিল।

🔍 ১৯৭২ চনৰ আজিৰ দিনটোতে ‘‘নেফা’’ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত কৰি শাসনভাৰ এজন মুখ্য-আয়ুক্তৰ হাতত অৰ্পণ কৰা হয়।

🔍 ১৯৯৪ চনৰ আজিৰ দিনটোত কাছাৰৰ শিলচৰত অসম বিশ্ববিদ্যালয় মুকলি হয়।

🔍 ২০০৮ বৰ্ষৰ আজিৰ দিনটোত উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল নিউজ লাইভ প্ৰতিষ্ঠা হৈছিল ।

🔍১৭৯৩ চনৰ আজিৰ দিনটোতে ফৰাচী সম্ৰাট ষোড়শ লুইক গিলোটিনত মৃত্যুদণ্ড বিহা হৈছিল।

🔍 ১৯২৪ চনৰ আজিৰ দিনটোতে ৰুছ বিপ্লৱৰ নেতা লেনিনৰ মৃত্যু হৈছিল।

🔍১৯৫০ চনৰ আজিৰ দিনটোত ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ মৃত্যু হৈছিল।

🔍১৯৭৭ আজিৰ দিনটোত মৃত্যু হৈছিল গজেন বৰুৱাৰ। তেখেতে নৃত্যশিল্পীৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছিল।

🔍 ১৯৮১ চনৰ আজিৰ দিনটোত অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা, বিষ্ণুৰাম মেধিৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)