শব্দৰ ধেমালি

তোমাৰ লগত কৰা শব্দৰ ধেমালিবোৰে ,
কেতিয়াবা মোৰ বুকুখন সিঙি নিয়ে ।
তোমাৰ শব্দবোৰে মোক শুবলৈ নিদিয়ে ।
উদাত্ত শব্দবোৰ মোৰ বাবে অচিনাকি হৈ পৰে ।
হয়তো মইও জানো মোৰ জীৱন মূল্যহীন ,
তথাপিও তোমাৰ মৰমৰ অকণমানি হৈ ওমলি থাকিবলৈ হেঁপাহ কৰোঁ ,
মোহাচ্ছন্ন পৃথিৱীখনত মৰম বিচাৰি হাবাথুৰি খালোঁ ।
নাজানো এই পৃথিৱীত মই বিচৰা মৰম আছে নে নাই ।
তুমি দিয়া মোক অৱহেলাৰ ফিৰিঙতিবোৰৰ পৰাই মোৰ হৃদয় উমি উমি জ্বলিছে ।
মোৰ শব্দবোৰত আউল লাগিছে ।
তথাপিও মই সেই মৰম বিচাৰি ,
হেৰাই যোৱা-নোযোৱাৰ পথত খোজ দিছোঁ ।

       
✍️ প্ৰতিভা ফুকন

Post a Comment

Previous Post Next Post