মৰ্য্যদা খণ্ড ০২ - বীণা বৰুৱা

©Admin
0
সিফালৰ পৰা ভায়েকে কোনোবাই গুণগুণাই কথা পতা শুনি বায়েকক মাতি
সুধিলে-
অনুৰাগ - কোন আহিছে অ' বা ?
তাই সচেতন হৈ লগে লগে উচাট্ মাৰি প্ৰণয়ৰ বুকুৰ পৰা আঁতৰি ভয় আৰু দ্বিধাজনিত কন্ঠেৰে কঁপা কঁপা মাতেৰে ক'লে -
মানসী - না..ই..! প্ৰণয় দা আহিছে । তই পঢ়িয়ে আছনে কি কৰি আছ ? চাৰিওফালে মনোযোগ দিওঁতে চাবি আকৌ ৰিজাল্ট ফালিবি ।
অনুৰাগ - পঢ়িয়ে আছিলোঁ।মায়ে প্ৰসাদ লৈ অহা বুলি ভাবিছিলোঁ ।
           তেতিয়াৰ পৰাই দুয়োৰে ভালপোৱাৰ সপোনবোৰ ফুলিব ধৰিছিল কোনেও নজনাকে সংগোপনে । দুয়ো কেতিয়াবা চকুৰেই কথা পাতে মৌনভাৱে । লগ কৰে মনে মনে । কোনেও নজনাকৈ ।
      শিক্ষক অপূৰ্ব গগৈৰ তিনিজনী ছোৱালী আৰু ল'ৰা এটা । অনন্যা , নিমিষা , মানসী আৰু একমাত্ৰ ল'ৰা অনুৰাগ । আচলতে ল'ৰা বিচাৰোঁতেই শিক্ষক গগৈৰ
সংসাৰখন অনিচ্ছাকৃত ভাবেই বৃদ্ধি হ'ল । অনুৰাগ পেট-মচা সন্তান । ঘৰখনৰ একমাত্ৰ ল'ৰা , সকলোৰে আলাসৰ লাড়ু । অনন্যা আৰু নিমিষাক বিয়া দিয়া দুবছৰেই হ'ল । মানসীৰো ডিগ্ৰী সম্পূৰ্ণ হ'ল । অপূৰ্ব গগৈয়ে অৱসৰ লোৱাৰ আগেয়ে সৰু ছোৱালী মানসীৰ বিয়াখনো পাতিব বিচাৰে । অৱসৰৰ আগতেই মানসীক বিয়াখন দি তেওঁ দায়িত্বৰ পৰা মুক্ত হ'ব বিচাৰিছে । কাৰণ ল'ৰাৰ ভৱিষ্যতটো সুনিশ্চিত কৰিব 
লাগিলে তাকো ভালদৰে পঢ়াৰ সুবিধাটো দিব পাৰিব লাগিব । যিহে প্ৰতিযোগিতা যুগ !
সহজতে চাকৰি পোৱাৰ আশা কম । এইবাৰ সি উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকৰ বিজ্ঞান শাখাৰ ছাত্ৰ । সেয়ে গগৈয়ে ভাবি-চিন্তি সিদ্ধান্ত লৈছে যে মানসীক বিয়া দি দিব ভাল ল'ৰা পালে । মানসীয়ে আপত্তি কৰি আছে ; তাইৰ আৰু পঢ়াৰ ইচ্ছা । গগৈয়ে বোলে ইচ্ছা থাকিলে বিয়াৰ পিছতো পঢ়িব পাৰিব । জন্ম , মৃত্যু , বিবাহ হেনো কাৰ ,ক'ত , কেতিয়া , কেনেদৰে হয় কোনেও নাজানে । কাৰো হাতত নাথাকে । বিয়া নামিলে হাজাৰ বাধাৰ মাজতো বিয়া হ'বই । অৱশেষত তেওঁ মানসীৰ বাবে উপযুক্ত ল'ৰা এজনৰ খবৰ পালে । মানসীৰ হাজাৰ আপত্তি নেওচি গগৈয়ে বিয়াৰ বাবে যো- জা চলালে । তাই দেউতাকৰ ভয়তে প্ৰণয়ৰ কথাও ক'ব নোৱাৰে । প্ৰণয় ভাল ল'ৰা বুলি ঘৰৰ সকলোৱেই জানে ।শান্ত অথচ দৃঢ় । আনৰ উপকাৰ কৰি ভালপোৱা প্ৰণয় যে এতিয়া বেকাৰ ! চাকৰিৰ বাবে ইন্টাৰভিউ দি হে আছে । বেকাৰ ল'ৰা এটাকনো ছোৱালী গতাই কেনেকৈ ? আৰু প্ৰণয়ৰ কিবা এটা হোৱালৈ যেন গগৈৰ ৰ'বলৈ সময় নাই । তাই বৰ বেয়া পায় আদৰ্শবাদী দেউতাকৰ জেদী মনটো । তাই মাজে মাজে ভাবে তাই যে প্ৰণয়ক ভাল পাই কৈ দিব নেকি দেউতাকক ? পিছে তাইৰ বুকুত থকা সৰু কলিজাটোত ইমান দম নাই ।কথাষাৰ ভাবোঁতেই তাইৰ বুকুত কঁপনি উঠে । ইফালে তাই একো নকওঁতেই বিয়াৰ দিনো ঠিক কৰিলে ।
         দৰা ঘৰৰ দুজনেই ল'ৰা - মাধুৰ্য্য আৰু প্ৰাচুৰ্য্য । ছোৱালী এজনী বিয়া দিছে । জোঁৱায়েক ডাক্তৰ । হাৰ্ট স্পেচিয়েলিষ্ট । মাধুৰ্য্য আমেৰিকালৈ পঢ়িবলৈ গৈ সংস্থাপিত হৈ বিয়া-বাৰু কৰাই তাতেই থাকিবলৈ ল'লে । প্ৰাচুৰ্য্যও অইল ইণ্ডিয়াৰ উচ্চ পদস্থ বিষয়া । ল'ৰাৰ স্বভাৱ চৰিত্ৰৰ ফালৰ পৰাও আপত্তি কৰিবলগীয়া একো নাই । দেখাই শুনাই সুঠাম , মাৰ্জিত কথা-বতৰা । ঘৰৰ সন্মুখত তিনি চাৰিখন গাড়ী থাকেই । আৰু কি লাগে ? তাই মনে মনে ভাবে দেউতাকে যে নাভাবিলে টকা-পইচাৰে জীৱনত সুখ কিনিব নোৱাৰি । জীৱনত টকা-পইচাৰ প্ৰয়োজনৰ লগতে মানসিক শান্তি বুলিও কথা এটা আছে । এজন দেউতাক হিচাপে দেউতাকেও বিচাৰে কলিজাৰ টুকৰাই একো অভাৱ নোপোৱাকৈ সুখত থকাটো ।
     মানসীক দেখিয়েই প্ৰাচুৰ্য্যৰ ভাল লাগি গৈছিল ।কাজল লগোৱা হাঁহি থকা চকুযুৰি । লাহি কঁকাল ।কঁকাললৈকে বৈ পৰা একোচা বতাহত উৰি থকা কিচ্‌কিচিয়া চুলি । ধেনুভিৰীয়া চেলাউৰি ।পাতল নীলা ৰঙৰ চুৰিদাৰ যোৰেৰে উফ্ পৰী যেন লাগিছিল তাইক প্ৰাচুৰ্য্যৰ ।এবাৰ দেখোতেই যেন তাৰ মনত প্ৰেম প্ৰেম ভাব এটা খেলাই গ'ল । গতিকে সকলো ঠিক-ঠাক হৈ গ'ল ।
        বুকুত এনেদৰে যন্ত্ৰণা লৈ বাৰু থাকিব পাৰিনে ? বিয়ালৈ আৰু মাত্ৰ পঁচিশ দিন আছে ।তাই অস্বস্তি অনুভব কৰিবলৈ ধৰিলে ।
মানসীয়ে ফোনটো হাতত লৈ প্ৰণয়ৰ নম্বৰটো ডায়েল কৰিলে ।
   
           (আগলৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)