আৰ্তনাদ~প্ৰথম খণ্ড - বিটুমনি কোঁছ

©Admin
0
তৰাংগ বুকুখনত খঙাল বৰষুণজাকৰ টোপালবোৰ পৰি চিন বহি গৈছে।বৰষুণৰ উৎপাত চিঞৰত ক্ষোভ প্ৰকাশ কৰি মানুহজনীয়ে চিঞৰিলে, ক'ত বিচাৰি যাওঁ তাক।ক'ত বা আছে।পায়চাৰী কৰি বাৰাণ্ডাখনতে ঘূৰি ফুৰা মানুহজনীৰ চকু কপালত উঠিল।

ক'ত আছিলি বোপাই।আহ, আহ, ভিতৰলৈ।তোলৈ মই পায়স বনাই থৈছোঁ।তই পায়স বৰ ভাল পাৱ ন।

মোৰ ছাটি ,মোৰ ছাটি কচুপাত খিলা মূৰৰ ওপৰত লৈ ৩০বছৰীয়া জীৱনে চোতালখনতে নাচিবলৈ ল'লে।

আহ, বোপাই তিতি নাথাকিবি।বেমাৰ হ'ব।

ছাটি, মোৰ নতুন ছাটি।জীৱনে কচুপাত খিলা ঘূৰাই ঘূৰাই এটা সময়ত ফালি পেলাই ,সৰু ল'ৰাৰ দৰে ফেঁকুৰিবলৈ ল'লে।

কাষৰ ৰুমৰ দৰজাখন বন্ধ কৰিবলৈ লৈ ডাঙৰ বোৱাৰীয়ে চকু টেলেকা কৰি কৈ গ'ল।পাগলটো আহি উলালহি।

বাৰাণ্ডালৈ উঠি অহা পুতেকৰ তিতা কাপোৰ খিনি সলাই দিবৰ বাবে মাকে চল বিচাৰিলে।
ভাত কেইটা খাই ল বোপাই।চকুপানী খিনি বুকুৰ মাজেদি বৈ যাবলৈ দি জ্বলি থকা বুকুখন শাত পেলাবলৈ যত্ন কৰিলে জীৱনৰ মাকে।
কেইবাদিনো অনাহাৰে অনিদ্ৰাৰে বাটে পথে ঘূৰি ফুৰা ল'ৰাটোলৈ ভাতৰ থালখন বাঢ়ি পদুলিৰ মুখত ৰৈ থকা মানুহজনী ভাৰাক্ৰান্ত দেহাটো জেওঁৰাখৰি শুকুৱাদি শুকাইছে।আৰু কিমান দিন এনেকৈ বাট চাব পাৰিব।

মুখত হেচি হেচি ভাত ভৰাই মাকলৈ সি একেথৰে চাই থাকিল।

তই কিয় এনেকৈ চাৱ বোপাই।মোৰ বৰ ভয় লাগে।

সি ভাতৰ কাঁহী খন দলিয়াই দিলে।
বোপাই অ' কিয় এনেকুৱা কৰ।এইয়া চা মই তোলৈ নতুন চোলা আনিছোঁ।
সৰু ল'ৰাৰ দৰে সি ফেঁকুৰি উঠিল।

আহ মোৰ বোপাই।মাকে এটা সৰু ল'ৰাৰ দৰে সাৱটি চোলাটো পিন্ধাই দিলে।ভাগৰুৱা জীৱনে মাকৰ কোলাতেই টোপনি গ'ল।
আগলৈ,,,,,

(এজন মানসিক ৰোগীৰ মাতৃৰ আৰ্তনাদ ।এখন উপন্যাস লিখিবলৈ প্ৰয়াস কৰিছোঁ।পাঠকে পঢ়ি ভাল পালে, খণ্ড খণ্ডকৈ আগবঢ়াই নিম।)

✍️বিটুমনি কোঁছ
ধেমাজি (মাছখোৱা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)