হেঁপাহৰ বিয়াখন( ২য় খণ্ড)-দেৱ দাস

©Admin
0
 বিয়াৰ তিনি দিন আগতে পেহীহঁতৰ ঘৰ পালোগৈ । বংশ-পৰিয়ালৰ মোৰ দৰে কেইবাগৰাকীও ডেকা-গাভৰু আগৰ পৰাই তাত আছিলেই । মই ও সিহঁতৰ লগত যোগ দিলোঁগৈ । কলগছ কাটি ডোং-পটুৱা কৰা , প্ৰসাদ দিবলৈ কলপাত কটা ,দীঘলী বিলৰ পৰা পদুম পাত চিঙি অনা , কাষৰীয়া গাঁৱৰ পৰা দৈৰ কলহ অনা , গাঁৱৰ মানুহৰ ঘৰৰ পৰা চকী-বেঞ্চ , টেবুল আদিৰ তলফালে এঙাৰেৰে গৃহস্থৰ নাম লিখি বিয়া ঘৰলৈ অনা , নীল আৰু আলতাৰে তক্তাত 'শুভ বিবাহ' লিখি পখিলা , লতাফুল , শংখ , ময়ূৰ আঁকি গেট সজা আদি কামবোৰ পূৰ্ণগতিত চলি আছিল । মোক অৱশ্যে গধুৰ আৰু লেতেৰা কাম বিলাক কৰাত সকলোৱে বাধা দিছিল । কাৰণ বিয়াঘৰৰ আলহী আৰু কামকৰা বেচিভাগ মানুহৰ মনত মই একেবাৰতে ডিভিজন লৈ মেট্ৰিক পাছ কৰি চহৰৰ কলেজত পঢ়া চোকা ল'ৰা । তথাপিও প্ৰায় বোৰ কামতে অলপ চলপ হাত উজান দি সকলোৰে প্ৰিয় পাত্ৰও হৈছিলোঁ । প্ৰতিদিনে দুপৰীয়া , গধূলি সৰু-সুৰা একোটা ভোজেই হৈছিল । আলহী , চুবুৰীয়া আৰু গৃহস্থই ফু মাৰি ভাতখাব পৰা চোতালত পীৰা , থৈলাবস্তা বা কাঠখৰিতে বহি কলপটুৱাত আনন্দ মনেৰে ভাত খাইছিল । যিয়ে যʼতে পাৰে তাতেই শুইছিল । মই ঘৰৰ পৰা আঁতৰত বেলেগে থকা পেহীৰ বৰপুত্ৰ প্ৰফুল্লকাইহঁতৰ ঘৰত বিছনা পাইছিলোঁ যদিও আৰু তিনিটামানে ঠেলা-হেঁচাকৈ তাতে শুইছিলগৈ ।
    বিয়াখন তিনিদিনীয়াকৈ পাতিছিল । প্ৰথম দিনা মূৰত তেল , দ্বিতীয় দিনা টেকেলী (আজি কালিৰ জোৰণ ) তৃতীয় দিনা বৰবিয়া ।
      বৰবিয়াৰ দিনা সকলোৱে এন্ধাৰতে উঠি ভাগে ভাগে কামত লাগিল । তিনি চাৰি ঘৰৰ পদূলিলৈকে ৪/৫ জনী ছোৱালীয়ে নাৰিকল পাতৰ বাঢ়নীৰে সাৰিছে , ৫/৬ জনীয়ে গোবৰ মাটিৰে চোতাল ঘৰ মচিছে , কোনোবা যদি দৈ আনিবলৈ গৈছে কোনোবাই প্ৰসাদৰ পাতবোৰ , ডোং-পটুৱা বোৰ ধুই মচি পৰিস্কাৰ কৰিছে । গোহালি ঘৰত বেণ্ড পাৰ্টী আৰু হেন্দেল মাৰি মেচিন ঘূৰাই কাঁহী (ৰেকৰ্ড)ৰ গান বজোৱা মাইকৱালা কেইজন বহিলহি । এখন বা দুখন ৰেকৰ্ড বজাই পেলাই দিয়া মাইকৰ পিন বুটলিবলৈ ল'ৰা-ছোৱালী বোৰে হেতা ওপৰা লগাইছে । চাহতে সান্দহ দি সকলোকে খাবলৈ দিছে । কোনোবাই ৰাতি ৰৈ যোৱা ঠাণ্ডা ভাত আঞ্জা খাই আজৰি হৈছে । চাধা , বিড়ি , তামোল , পাণ লৈ দুজনী মান ছোৱালীয়ে যাঁচি ফুৰিছে । ভকত কেইজনমান আহি আগ ৰাতি তিয়াই থৈ যোৱা ফলামগুৰ চোকল গুচাই ধুইছে , আন দুজনমানে প্ৰসাদৰ কল , কুঁহিয়াৰ , আদা , নাৰিকল , তিয়ঁহ আদি কাটিছে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)