আজি শিল্পী দিৱসৰ মধুৰ ক্ষণত বৰেণ্য শিল্পী জনালৈ নিবেদিলোঁ একাজলি শ্ৰদ্ধাঞ্জলী-টেজেন হাজৰিকা

©Admin
0
সংস্কৃতিৰ বৰ-পেৰাটি মণি-মুকুতাৰে সজাই 
জনতাৰ অন্তৰে অন্তৰে বোৱাই দিলা 
অমিয়া সুৰৰ লহৰ
চিৰযুগমীয়া ঢৌ তুলি সংগীতে সূচনা কৰিলে 
এক নব্য যুগৰ...

থলুৱা লোক-সংগীতক পাশ্চাত্যৰ সংমিশ্ৰণেৰে
কৰিলা বিশ্বজনীন ,
তোমাৰ সৃষ্টিতে প্ৰাণ পালে নাট্য-সাহিত্যই 
কত জনৰ অভিনয়েৰে মুখৰিত হ'ল 
অসমৰ আকাশ-বতাহ...
আন্ধাৰ বিনাশি অসমী আইৰ বুকুত ফুলিল
উদিত সুৰুযৰ ৰঙীন পুষ্প-সম্ভাৰ 

সুন্দৰৰ পূজাৰী তুমি ৰূপৰ সাধক ৰূপকোঁৱৰ 
ভোলাগুড়িত নিৰ্মাণ কৰিলা
প্ৰথম অসমীয়া সবাক-ছবি জয়মতীৰ
যাৰ আঁত ধৰি চলচ্চিত্ৰই খোজ দিলে 
প্ৰগতিৰ বাট বিচাৰি 

গণ-মুখী গীতেৰে জগাই তুলিলা বিপ্লৱী সত্তা
দেশ-প্ৰেমৰ বিৰল চানেকিৰে কঁপাই তুলিলা
আগ্ৰাসিত বিদেশী প্ৰভুত্বৰ কপটতা ,
সুধাকণ্ঠৰ কন্ঠেৰে নিনাদিত হ'ল 
লুইতৰ দুয়োপাৰ 
সম্প্ৰীতিৰ বান্ধোনেৰে নানা জাতিৰ সমাহাৰ 

চিৰনমস্য তুমি অসমীয়াৰ বুকুৰ আপোন 
জিলিকাই তুলিলা অসমীয়া সংস্কৃতিৰ দাপোণ 
কিমতে পুঁজিম তোমাক 
কিমতে সুজিম তোমাৰ ধাৰ 
প্ৰণিপাত কৰোঁ তোমাক বাৰম্বাৰ ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)