এটাই চিঞৰ
ৰ'দটো মুৰত লৈ
টলৌ টলৌ কৈ
ঘৰে ঘৰে
পুষ্টি যোগাই
ভিটামিন যোগাই ।
ভিটামিনখিনি পবিত্ৰ
পোনচাটৈই
আখলত সোমাই ।
বাইৰ ছাটো দীঘল
চোতালত সিজোৱা ধান
যত দোষ বেলিটোৰহে
ছা দীঘল কৰি
ধানখিনি অশুচি কৰিলে ।
ছাটোৰ সমানে ধানখিনি
বাইৰ হ'ল
ভিটামিন খৰছখিনি
গালি বৰ্ষণ হ'ল ।
কটা মৰণা কঠিয়া
সিজোৱা চব মে পানী হ'ল ।
এতিয়া
মঙ্গলতে ঘৰ সাজিম
নে নাঙঠ হৈ
এটা গুহা খান্দিম
তাকেহে ভাবিছোঁ ।
বাগৰ ছাটো দীঘল
হৈয়েই থাকক
চিৰদিন চিৰকাল ।।