অনন্ত জ্ঞানৰ সুবাস পায়
অসীম আকাশৰ ব্যাপ্তিয়ে
সসীমক ঢাকি পেলায় ।
জীৱৰ কাৰুণ্য আছে
কিন্তু আনন্দও আছে ।
অধ পতিত সমাজ এখন
উন্নীত কৰিবলৈ
লাগিব চেতনা, চিন্তা ।
আত্মহনন কিয় বাঢ়িছে
আধ্যাত্ম জ্ঞানৰ অভাৱত...!
নহয় জানো...?
বিশ্ব প্ৰকৃতিৰ মোহ ভঙ্গ হৈ
মানৱ চেতনা আজি যে হেৰাল...!
আৰু আত্মহনন কৰে কোনে...?
যি আত্মাৰ ভাষা বুজা নাই...!
মানৱীয় প্ৰেৰণাই বেদনাক ঢাকে
পুৰুষোত্তমৰ ফালে চেতনা যোগায়
নৰকৰ পৰা নিৰ্মল ঐশ্বৰিক ৰাজ্যলৈ
যাব পৰা জনে আত্মহনন নকৰে ।
শ্মশানলৈ নিৰন্তৰ গতি
চলি থকাৰ মাজতো
আত্মহনন কিয় ?
তেনে নকৰিব ।
ক্ৰৌষ্ণৰো কাৰুণ্য আছে
নহয় নে বাৰু...?
পিতা মাতাৰ জীৱনো হয় অসাৰ
এই আত্মহননৰ বাবেই....!