অসমীয়া সাহিত্যত জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান অদ্বিতীয় - চিন্ময় ডেকা

Aditi Tanti
0
অসমীয়া সাহিত্য-সাংস্কৃতিক জগতখনত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ অৱদান অতুলনীয়। কুৰি শতিকাৰ এজন অন্যতম শ্ৰেষ্ঠ অসমীয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেতৰ জন্ম হৈছিল ১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিছাত। পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী আগৰৱালা। সোণৰ চামুছ মুখত লৈ জন্ম গ্ৰহণ কৰা জ্যোতি প্ৰসাদ আগৰৱালাই সৰুৰে পৰা এক সংস্কৃতিবান পৰিৱেশত ডাঙৰ হৈছিল। তেখেতৰ দেউতাকো আছিল এজন ভাল গায়ক তথা বেহেলাবাদক। অসমীয়া সাংস্কৃতিক জগতখনত জ্যোতিপ্ৰসাদ আগৰৱালাক বহুতেই তেখেতৰ অৱদানক শংকৰদেৱৰ পাছতেই স্থান দিব খোজে। জ্যোতিপ্ৰসাদ আগৰৱালা আছিল একাধাৰে কবি, সাহিত্যিক, সংগীতজ্ঞ, নাট্যকাৰ, বোলছবি নিৰ্মাতা আৰু সংগ্ৰামী ৰাজনীতিক। তেওঁ আছিল আধুনিক অসমীয়া সংগীতৰ প্ৰৱৰ্তক লগতে প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ৰ নিৰ্মাতা। উল্লেখ্য ভাৱে, তেখেতে বোলছবি বিষয়ক শিক্ষা- গতানুগতিক শিক্ষাত বিশেষ মন নবহাত জ্যোতিপ্ৰসাদে বোলছবি নিৰ্মাণ সম্পৰ্কে শিক্ষা লোৱাৰ বাবে মনস্থ কৰে। সেয়ে তেওঁ জাৰ্মানীত সাত মাহৰ বাবে থাকি বোলছবি নিৰ্মাণ সম্পৰ্কে কাৰিকৰী শিক্ষা লয়। সেই সময়তে তেওঁ জাৰ্মানীৰ বিখ্যাত ইউ.এফ.এ. ষ্টুডিঅ’ দৰ্শন কৰাৰো সুযোগ পায়, যিয়ে তেওঁক প্ৰথমখন অসমীয়া বোলছবি ‘জয়মতী’ নিৰ্মাণ কৰাৰ বাবে অনুপ্ৰেৰণা যোগায়।
অসমীয়া সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক অসম সাহিত্য সভাৰ সভাপতি আনন্দ চন্দ্ৰ বৰুৱাই ‘ৰূপকোঁৱৰ’ উপাধিৰে বিভূষিত কৰিছিল। তেওঁৰ মৃত্যুৰ পাছত অসম চৰকাৰে তেওঁৰ মৃত্যুৰ দিনটোক অৰ্থাৎ ১৭ জানুৱাৰী তাৰিখটো গোটেই ৰাজ্যজুৰি ‘শিল্পী দিৱস’ হিচাপে উদযাপন কৰি আহিছে। এয়া ক’ব পাৰি যে, চৰকাৰী প্ৰচেষ্টা নহ'লেও তেখেতৰ মন পৰশা গীতবোৰৰ বাবেই তেওঁ প্ৰতিজন অসমীয়াৰ মাজত সদায়েই জীয়াই থাকিব।
অসমীয়া সাহিত্যৰ জগতখন আজিৰ দৰে বিশাল নাছিল। ঠন ধৰি উঠিছিলহে মাত্ৰ। সেয়ে তেওঁৰ অসমীয়া ভাষাৰ জেউতি বৃদ্ধি কৰাৰ লগতে তেওঁৰ সুন্দৰৰ সাধনা কৰিব খোজা মনটোৰ হাবিয়াস পূৰাবলৈ সাহিত্যৰ সৃষ্টিতে মনোনিৱেশ কৰিছিল। হাইস্কুলত পঢ়ি থকা অৱস্থাত ১৪ বছৰ বয়সতেই তেওঁ ‘শোণিত কুঁৱৰী’ নাটক আৰু ‘গছে গছে পাতি দিলে’ নামৰ প্ৰকৃত অসমীয়া সুৰ থকা আধুনিক গীত ৰচনা কৰিছিল। তেখেতৰ গীত সৰ্বমুঠ ৩৭৭ টা সংৰক্ষিত হৈ আছে, লগতে ৪৬টা কবিতা, নাটক- শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, নিমাতী কইনা, খনিকৰ, সোণপখিলী, কনকলতা। শিশু সাহিত্য, শিশু-কবিতা, জ্যোতি-ৰামায়ণ, ঘোঁৰা-ডাঙৰীয়া। তেখেতৰ জীৱনী মূলক গ্ৰন্থ "চন্দ্ৰকুমাৰ আগৰৱালাৰ জীৱনী"। চুটিগল্প সমূহ ক্ৰমে ৰূপহী, বগীতৰা, সোণতৰা, সোণটিৰ অভিযান, যুঁজাৰু, সতীৰ সোঁৱৰণী, সন্ধ্যা, প্ৰত্নতাত্ত্বিক কালঘুমটি, নীলা চৰাই। লগতে এখনি উপন্যাস- আমাৰ গাঁও। তেখেতে অসমীয়া ভাষাৰ জেউতি বৃদ্ধি কৰাৰ লগতে তেওঁৰ সুন্দৰৰ সাধনা কৰিব খোজা মনটোৰ হাবিয়াস পূৰাবলৈ সাহিত্যৰ সৃষ্টিৰ লগতে বোলছবি নিৰ্মাতাৰ পৰিচায়ক হিচাপে মনোনিৱেশ কৰি অসমীয়া সাহিত্যৰ সংস্কৃতিৰ জগতখনত এক অতুলনীয় অৱদান আগবঢ়াইছে, যাক নৱপ্ৰজন্মই তেখেতৰ সৃষ্টি ৰাজিৰ সান্নিধ্যত নতুনত্ব দিশ লভিবলৈ সমৰ্থৱান হৈছে। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)