মৰ্য্যদা(৪তুৰ্থ খণ্ড)-বীণা বৰুৱা

©Admin
0
প্ৰণয়---তুমি বলিয়া হ'লা নেকি?
মানসী----বলিয়া হ'বলৈ বাকী নাই।মোক লৈ ব'লা ইয়াৰ পৰা।তুমি য'ত থকা মই তাতেই থাকিম,যেনেকৈয়ে ৰাখা মই তেনেকৈয়ে থাকিম,তুমি যি আনি দিয়া তাকেই খাম যি কাপোৰ আনি দিয়া তাকেই পিন্ধিম। মাথো লৈ ব'লা না মোক! তোমাৰ নামৰ সেন্দুৰকণ মই শিৰত ল'ব বিচাৰো! মই তোমাৰ হ'ব খোজা বুলি হুকহুকাই কান্দি উঠিল।
প্ৰণয়----(তাইক জোৰকৈ সাৱটি ধৰি ক'লে)মানু চোৱা!মোৰ বেয়া লগা নাই?
বলিয়ালি নকৰিবা।অকল মৰমেৰে পেট নভৰে।জীয়াই থাকিবলৈ উশাহৰ লগত জীৱনত পেটৰ তাড়নাও পুৰাব লাগিব।মোৰ ৰুক্ষ জীৱনত তুমি চলিব নোৱাৰিবা। মই যে এতিয়া বেকাৰ!কি খুৱাম তোমাক? তোমাক লঘোণে ৰাখি কি শন্তি পাম মই? তদুপৰি ঘৰখনৰ সন্মান খুৰাৰ নাম তুমি এনেদৰে নষ্ট কৰিব নোৱাৰা! খুৰাৰ মান সন্মান এনেদৰে লাঘৱ কৰিব নোৱাৰা।যদি আৰু এটা বছৰ পালো হৈ হাতত! চাওঁ বহাচোন!মানসীৰ চকুৰ পানীখিনি ৰুমালেৰে মচি দিলে।বহা চকীত।
চকীত বহুৱাই দিলে।মোৰ কলিং লেটাৰ আহিছে। মই জইন কৰিব যাব লাগে।আজিৰ পৰা এসপ্তাহ পিছত।ভাবিছিলো জইন কৰি গুচি আহিম। কিন্তু এতিয়া ভাবিছো নাই নাহো।একেবাৰে তাত থাকি যাম।দুদিনমান হোটেলত থাকি তাতেই ৰুম বিচাৰি ল'ম এটা।
মানসী----চাকৰিত যদি জইন কৰাই মোক
লৈ যোৱাত নো আপত্তি কি?
প্ৰণয়-----মানু কৈছো ন? তোমাৰ ঘৰখনৰ দেউতাৰ সন্মান এনেদৰে হানি কৰিব নোৱৰা?খুৰাক মই ভগৱানৰ দৰে ভাবো আৰু চাকৰিত জইন কৰিয়েই লৈ যাব নোৱাৰো।মোৰ ঘৰ দুৱাৰ ঠিক কৰিব আছে,ভনীজনীক বিয়া নিদিওঁতেই নো নিজৰ কথা ভাবো কি দৰে?? এটা বছৰ আৰু পোৱা হ'লে?
মানসী---আৰু  কি ক'লা?তাত হোটেলতে থাকিবা? মানে প্ৰণয় দা !তুমি বিয়ালৈ নেথাকা?
প্ৰণয়---নাই,নেথাকো। কেনেকৈ সহ্য কৰিম কোৱাচোন? তোমাক আনৰ হ'বলৈ এৰি দি মই চাই থাকিব পাৰোনে? সহ্য নহ'ব মোৰ!সেয়ে আগতিয়াকৈ যাম।মোক বাধা নিদিবা প্লিজ। চকু চলচলিয়া হৈ মাতটো কঁপি উঠিল সামান্য।
 হৃদয় ভঙা যন্ত্ৰনা কিমান হৃদয় ভগাজনেহে উপলব্ধি কৰিব পাৰে।হৃদয়খন ভাঙিলে তাৰ শব্দ শুনা নাযায় কিন্তু  বহুদিনলৈ হৃদয়খনত যেন একুৰা জুই জ্বলি থাকে।হৃদয়ত হৈ থকা ৰক্তক্ষৰণ আনৰ চকুত নপৰে। নিজৰেহে বুজি পায় সেই জুইৰ জ্বালা কিমান!শৰ বিদ্ধ এহাল পক্ষী যেন যন্ত্ৰনাত চটফটাই আছে।
     মেজখনৰ ওপৰত হাত দুখন থৈ মূৰটো হাতৰ ওপৰত থৈ মানসী উচুপি উঠিল।উচুপি উচুপিয়ে মানসীয়ে ক'লে---
মানসী--- তুমি মোক পলুৱাই নিব ও নোখোজা আৰু..... মই মৰিয়েই থাকিম গম পাবা কিন্তু কৈ দিছো।
প্ৰণয়----- নাকান্দিবা মানু! কপালত যি লিখা আছে সেয়া হ'বলৈ দিয়া। ষ্ট্ৰং হোৱা! মোক আৰু দুৰ্বল নকৰিবা মানসী! মানসীয়ে ফেকুৰিয়েই আছিল।দুয়ো কিছু সময় মৌন হৈ ৰ'ল।মৌনতায়ো হৃদয়ৰ কিছু কথা কয়।
সেই সময়ত ৰেষ্টুৰেন্টৰ হোম থিয়েটাৰত জুবিনৰ গান এটা বাজি আছিল।
         সমীৰে দিবগৈ ফাগুনৰ দিনতেই
         মই নোহোৱাৰ বাতৰি।
        স্মৃতিয়ে ক'বগৈ পাহৰাৰ ক্ষণতেই
         মই নথকাৰ কাহিনী।
        পাৰিবানে তুমি সিদিনা হাঁহিব
        অতীতৰ ছবিবোৰ এলাগি কৰিব
         মই নোহোৱাৰ বাতৰি শুনি
          মই নথকাৰ কাহিনী শুনি।
  
গানটোত যেন দুয়োৰো মনৰ কথাখিনি আছে।
 দুয়ো কিছু সময় মৌন হৈ থকাৰ পিছত প্ৰণয়ে ক'লে...
প্ৰণয়----- মানু শুনা!প্ৰেম মানেই প্ৰাপ্তি নহয়। আমাৰ ভালপোৱা সদায় থাকিব।প্ৰেমক ধংস নহয় সৃষ্টিৰ উৎস হিচাবে লোৱা।তোমাক নাপালো যেতিয়া জীৱনত কেতিয়াও বিয়া নকৰাওঁ মই !আজি এই মুহুৰ্তত তোমাক কথা দিলো! মই যেতিয়া তোমাৰ নহ'লো,আন কাৰোৱেই নহওঁ।
চিৰ কুমাৰ হৈ মই যে  তোমাক প্ৰমাণ দিম্।
     টেবুলত সোঁ হাতৰ কিলাকুটিৰে ভৰ দি মানসীয়ে হাতত গালখন থৈ একথিৰে প্ৰণয়ৰ ফালে চাই থাকিল আৰু তাইৰ চকুৰে পানী নিগৰি থাকিল।প্ৰণয়ৰ যেন বুকুখনত এক অসহ্য বিষ অনুভৱ কৰিলে।
মানসীৰ তীব্ৰ চাৱনি যেন সহ্য কৰিব নোৱাৰি চকু তললৈ নমাই তাইক ক'লে...
প্ৰণয়----ব'লা বহুত পলম হ'ল।ঘৰত চিন্তা কৰি থাকিব।আৰু শুনা কান্দি নেথাকিবা।চকুৰ পানীৰে আমাৰ প্ৰেমক, পবিত্ৰ ভালপোৱাক অপমান নকৰিবা।সুখী হ'বলৈ
চেষ্টা কৰিবা।আজিৰ পৰা আৰু আমি লগালগিতো নহওঁৱেই দেখা দেখিওঁ নহওঁ। 
         মনত অশান্তি আৰু দুখৰ বোজা লৈ সেইদিনা দুয়ো দুয়োৰে পৰা বিদায় মাগিছিল চিৰদিনলৈ।
      
     মানসীৰ বিয়াখন সুকলমে হৈ গ'ল।তায়ো যান্ত্ৰিক পুতলাৰ দৰে যিয়ে যি কৰিব দিছে তাকেই কৰি গৈছে মনে মনে।আজিৰ পৰা তাইৰ ছোৱালী জীৱন সমাপ্তি হ'ল।এটা নতুন জীৱনৰ পাতনি মেলিব।গাভৰু জীৱনৰ আটাইতকৈ আকাঙ্ক্ষিত অপেক্ষাৰ অন্তৰ দিন।আজি তাইৰ জীৱনৰ আটাইতকৈ ভাল লগা সপোনবোৰ ফুলাৰ দিন। কিন্তু তাই অলপো সুখী নহয়।কিবা এক অনামী অশান্তিয়ে খাই মাৰিছে তাইক।
বুকুত একুৰা জুয়ে পুৰি মাৰিছে।বাহিৰত শান্ত আৱৰণ।তাইক যে কিহবাই খুলি খাইছে কোনেও ধৰিব নোৱাৰে।তাইৰ এনে লাগিছে যেন আজি ৰাতিটো নাহক,দিনেই হৈ থাকক।সূৰ্য্যটো ধৰি ৰাখিব পৰা হ'লে? কিন্তু চাওঁতে চাওঁতে সময়বোৰ যেন আঙুলিৰ ফাঁকেৰে সৰকি কৈ সন্ধিয়া কেনেকৈ লাগিল তাই গমেই নেপালে।মনটো তাইৰ আনন্দৰ সলনি বিষাদেৰৰে ভৰি আছে।তাই মনতে ভাবিলে--প্ৰণয় বা এতিয়া ক'ত আছে কেনেদৰে?কি কৰি আছে বাৰু সি? প্ৰাচুৰ্য্যৰ সলনি আজি যদি প্ৰণয় হ'লহেঁতেন
তাইৰ সমান সুখী কিজানি কোনো নহ'লহেঁতেন।
       পুৰণি কথাবোৰ সুঁৱৰি বিচনাখনৰ সোঁমাজত তাই বহি আছে। ওৰণিখন দীঘল কৈ  দি বহুৱাই থৈ গৈছে তাইক। খং আৰু বিতৃষ্ণাত তাইৰ মন ভৰি আছে।সুধাকন্ঠৰ গীত এটা তাইৰ মনলৈ বাৰে বাৰে আহি আছে....    
                তুমি বিয়াৰ নিশাৰ শয়ন পাটিৰ
                এপাহি ৰজনীগন্ধা
                তোমাৰ মূল্য এনিশাৰ।

সহজ হ'ব চেষ্টা কৰিও পাৰা নাই তাই।উফঃ নোৱাৰি আৰু দেই এনেদৰে  অভিনয় কৰি যাব। কথাবোৰ ভাবি থাকোতেই দৰজাখন খোলাৰ শব্দত তাই সচকিত হৈ উঠিল।হয়!প্ৰাচুৰ্য্য সোমাই আহিছে।টিঙিচ কৈ খংটো উঠি গ'ল তাইৰ।চকু কাণ চিপি প্ৰাচুৰ্য্যৰ ৰেহৰূপ চাই থাকিল তাই।

(আগলৈ।)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)