আত্ম প্ৰত্যয়~গল্প-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
 
অজয়ৰ মানিবেগটো চুৰি হ'ল ৷ বেগটোত থকা নগদ পাঁচ হেজাৰ টকাৰ লগতে ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড বেংকৰ ক্ৰেডিটকাৰ্ড আৰু ডেবিট কাৰ্ড দুখনো হেৰাল৷ ইফালে পত্নী জয়াক অহা ৰবিবাৰে জৰুৰীকালীন পেটৰ এটা অষ্টোপ্ৰচাৰৰ বাবে হাস্পতালত ভৰ্তি কৰাব লাগে ৷ হাস্পাতালখনৰ অত্যন্ত ব্যস্ত জ্যেষ্ঠ শৈল চিকিৎসক ডা: জৈনৰ পৰা অষ্টোপ্ৰচাৰৰ বাবে তাৰিখ পোৱাটোৱেই বহুত ডাঙৰ কথা । গতিকে সৌভাগ্যবশতঃ পোৱা সুযোগকন সি হেৰুৱাব নুখুজি অতিশীঘ্ৰে জয়াক হাস্পতালত ভৰ্তি কৰোৱাৰ সিদ্ধান্ত লৈছিল ৷ বন্ধু ৰাজাৰ পৰা অলপ নগদ টকা ধাৰলৈ লৈ কামবোৰ আজি এফালৰ পৰা চিজিল কৰিব বুলি ভাবি গাড়ীখনৰ ষ্টিয়াৰিংত হাত দি গম পালে দুয়োটা আগচকা পাঙ্কচাৰ হৈ আছে ৷ উপায় বিহীন হৈ সি টেক্সি এখনতে উঠি কোনোমতে অফিচ পালেহি ৷ অফিচৰ টেবুলত ৰখা লেফাফাটো খুলি জীয়েক জীতাৰ স্কুলৰ পৰা প্ৰেৰণ কৰা গোহাঁৰি খন পঢ়ি তাৰ চকু কপালত উঠিল ৷ তিনি দিনৰ ভিতৰত জীতাৰ স্কুল বদলিৰ প্ৰমাণ পত্ৰ খন জমা দিব লাগে ৷ অন্যথাই জীতাৰ নামভৰ্তি বাতিল কৰা হ'ব ।
কৰোণা মহামাৰীৰ আতংকৰ মাজতে কলিকতাৰ পৰা দিল্লীলৈ বদলি হৈ অহাৰ সময়ত জীতাৰ নতুনকৈ নাম লগোৱা বিদ্যালয়খনৰ কাৰ্য্যালয় বন্ধ থকাৰ বাবে প্ৰমাণপত্ৰখন জমা দিয়া হোৱা নাছিল ৷ কাইলৈ যেনেতেনে সি তাইৰ স্কুললৈ গৈ স্কুল বদলিৰ প্ৰমাণ পত্ৰখন দি আহিব বুলি ঠিৰাং কৰিছিল। 
 পাছে সেইদিনা সন্ধিয়া সময়ত অফিচৰ পৰা ঘৰলৈ আহি বহুত বিচাৰ খোচাৰ কৰিও জীতাৰ স্কুল বদলিৰ প্ৰমাণ পত্ৰখন নাপাই অজয় বিমোৰত পৰিছিল ৷ সকলো সমস্যাই একলগে জুমুৰি দি ধৰাত সি উপায়ান্তৰ হৈ পৰিছিল ৷ ইতিমধ্যেই সন্ধিয়া সাত বাজি গৈছিল, সদ্যহতে সি পুলিচ চকীত গৈ এখন আবেদন দি থৈ আহি কাইলৈ স্কুললৈ যোৱাটো উচিত হ'ব বুলি ভাবিলে । প্ৰতিবেশী এজনৰ পৰা নতুন ঠাই খনৰ থানাৰ ঠিকনাটো বুজি ঘৰৰ পৰা খোজ মেলিছিল ৷
থানাৰ অধীক্ষকজনক অজয়ে সকলো কথা ভাঙি পাতি কৈ থানাখনৰ বাৰাণ্ডাৰ একোনত পাৰি ঠোৱা ডেক্স বেঞ্চত বহি তাৰ মানিবেগ আৰু স্কুল বদলিৰ প্ৰমাণ পত্ৰখন হেৰোৱাৰ আবেদন পত্ৰ লিখিব ধৰিছিল । সি আবেদন প্ৰপত্রখন লিখি থাকোতে বাৰান্দাৰ আনটো চুকত বহি থকা দুখীয়া বুঢ়া-বুঢ়ীএহালে হিন্দীতে পাতি থকা কথা-বতৰা তাৰ কাণত পৰিছিল ৷ বুঢ়া- বুঢ়ী হালৰ কথা বতৰাৰ পৰা তেওঁলোকৰ ডাঙৰ ল'ৰাজনে দূৰ্ঘটনাত পতিত হৈ হাস্পাতালৰ বিছনাত মৃত্যুৰ সতে যুঁজি আছে আৰু সৰু ল'ৰাটোক কোনোবাই মিথ্যা প্ৰৰোচনাৰে দোষী সজাই লক্ আপত সুমুৱাই থৈছে বুলি জানিব পাৰি তাৰ মনটো সেমেকি উঠিছিল ৷ 
এই বয়সত মোৰ দৰে এজন দৃষ্টিহীন দুৰ্ভগীয়াক ভগৱানে কিহৰ বাবে ইমান শাস্তি দিছে বুলি নিজৰ কপালকে ধিক্কাৰ দি বুঢ়াই কান্দিব ধৰিছিল ৷ বৃদ্ধজন অন্ধ বুলি জানিব পাৰি অজয়ৰ অন্তৰখন দুখত ভাঙি পৰিছিল। পাছে কান্দোনত ভাঙি পৰা স্বামীক প্ৰবোধ দি বুঢ়ীয়ে সৰল ভাবে কোৱা কথাখিনি শুনি অজয়ে তবধ মানিছিল। 
হতাশাগ্ৰস্ত হৈ পৰা বুঢ়াৰ হাতখন বুঢ়ীয়ে নিজৰ দুহাতৰ মাজত লৈ কৈছিল, পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰ নিজে ভগৱান আছিল ৷ তেওঁৰ সোঁৱৰণীখনৰ জন্মচক্রত নৱগ্ৰহ নিজ নিজ স্থানত পূৰ্ণ সঞ্চাৰ হৈ তেওঁক সুদৃষ্টি প্ৰদান কৰিছিল ৷ তথাপিও বিধিৰ বিধান নহয় খণ্ডন । ভগৱান ৰামচন্দ্ৰইয়ো জীৱনৰ আধাতকৈ বেছি সময় দুখ,কষ্ট, বিৰহ আৰু বেদনাৰ মাজেৰে পাৰ কৰিব লগীয়া হৈছিল ৷ যুৱৰাজ হৈয়ো নৱ বিবাহিতা পত্নীৰ সতে জংগলত কটাব লগা হৈছিল, বহুতো অসুৰ দানবৰ লগত যুদ্ধ কৰিব লগা লৈছিল, নিজ পিতৃক অকালতে হেৰুৱাব লগা হৈছিল, যিগৰাকী পত্নীৰ কাৰণে ৰাৱনৰ সতে মহাসমৰ হৈছিল শেষত তেওঁকেই ত্যাগ দিব লগা হৈছিল । নিজে মহাৰাজ হৈ অট্টালিকাত থাকোতেই নিজৰ সন্তান ঋষিৰ কুটীৰত জন্ম হ'ব লগীয়া হৈছিল । জীৱনৰ বিয়লি বেলা পুত্র ধনৰ লগতে স্ত্ৰী ধন ঘুৰাই পাইছিল যদিও পত্নীয়ে তেওঁক চিৰদিনৰ বাবে ত্যাগ কৰি মাতৃ গৃহলৈ গুচি গৈছিল । স্বয়ং ভগৱানৰেই যদি ইমান লটিঘটি হয় আমি নৰমনিচনো কোন কুটা ? দুখ কৰি লাভ নাই ৷ সমস্যা আহিলেই যেতিয়া নপলাই যুঁজ দিয়াৰ অন্যথা নাই ৷
বুঢ়ীগৰাকীৰ মুখৰ আত্ম প্ৰত্যয় ভৰা কথাখিনি অজয়ৰ অমৃত বানী যেন লাগিছিল। তেওঁৰ কথাখিনিয়ে তাৰ অন্তৰত এক অফুৰন্ত উদ্যম সঞ্চাৰিত কৰি পেলাইছিল ৷ বুঢ়া-বুঢ়ীৰ জলন্ত সমস্যাবোৰৰ প্ৰত্যাহ্বানৰ তুলনাত তাৰ নিজৰ সমস্যাবোৰ নিচেই নগণ্যবোধ হৈছিল ৷ সি বুঢ়ী মানুহ গৰাকীক অন্তৰৰ পৰা ধন্যবাদ জনাইছিল । একেসময়তে আহি পৰা সকলোবোৰ সমস্যা সাহসেৰে সমুখীন হ'বলৈ মনোবল বান্ধি অজয়ে আবেদন পত্ৰখন অধীক্ষকজনৰ হাতত তুলি দি উদ্যমেৰে উভতি আহিছিল। 

✍️চুমিন্দ্ৰ চৌধুৰী,
    সাহিত্য অভিযন্তা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)