মোৰ সৰ্ব শৰীৰ তিল-তিলকৈ জহি-খহি গৈছে।মই কিছুমান কথা কাকো ক'ব নোৱাৰি হতাশাত ভাগি পৰিছোঁ।জীৱনত কৰি অহা কিছুমান ভুল কামৰ বাবে অনুতপ্ত হৈছোঁ।কিবা এটা নোপোৱাৰ বেদনাত নহয়,পাই হেৰুৱাৰ বেদনাতহে।
এই বেদনাবোৰ পূৰ্বৰ ৰূপান্তৰ মাথোন।শৈশৱত থোকা-থুকি মাতেৰে মাতিছিলোঁ।এতিয়া আগৰ পৰা মাতি থকা অভ্যাসৰ মাতবোৰ হেৰাই আজি থোকা-থুকি হ'ব লাগিছে।শৈশৱত কিবা এটা নোপোৱাৰ বেদনাত কান্দিছিলোঁ, এতিয়া পাই হেৰুৱাই কান্দিছোঁ।আগতে সকলোৰে মৰম আৰু কোমলাসিক্ত আছিলোঁ ,এতিয়া সকলোৰে পৰা অৱহেলিত আৰু প্ৰত্যাশিত হৈছোঁ।
কথাবোৰ ভাবি-ভাবি হাতখনলৈ চালোঁ।হাড়ডালত ছালচটা লাগি আছে।সদায় পিন্ধি থকা ঘড়ীটোলৈ মনত পৰি গ'ল।কি হ'ল মোৰ মৰমৰ ঘড়ীটো!বুকুত এটা বিষৰ অনুভৱ কৰিলোঁ।ইমান সুন্দৰ ঘড়ীটো মোৰ জন্ম দিনত পৰিস্মৃতাই দিছিল।ঘড়ীটো পিন্ধাই মোক মৰমেৰে চুমা খাই কৈছিল ,"মোৰ উপহাৰ মৃত্যুলৈকে তোমাৰ হাতত থাকিব দিবা"।ঘড়ীটো বিচাৰি মূৰটো লৰাই চাৰিওফালে চকু ফুৰালোঁ।নাই ঘড়ীটো ক'তো নাই।মোৰ কাষৰ টেবুলখনত ঔষধৰ বটলেৰে ভৰি আছিল।
ঘড়ীটো হেৰুৱা কথাটো গম পালে পৰিস্মৃতাই মোক বেয়া পাব।তাই মোৰ চোলাৰ বুটাম চিঙিব , মুখখন ফুলাব, আলফুলে মোৰ বুকুত ভুকু কেইটামান মাৰি মোক সাৱটি ধৰিব।শকত আৱত সুন্দৰ চেহেৰাৰ পৰিস্মৃতাৰ লগত মোৰ এক মধুৰ সম্পৰ্ক আছে।মই কৰবাত গ'লে তাই মোৰ গাড়ীত থাকিবই।এজনী সৰু ছোৱালী দৰেই তাইৰ চঞ্চল। তাই সান্নিধ্যত মই সুখানুভুতি অনুভৱ কৰোঁ।পাহৰি যাওঁ সমস্ত দুখ -বেদনা।
আঙুলিৰ ফাকেৰে সময়বোৰ সৰকি যোৱাৰ দৰে ,সময়বোৰ পাৰ হৈ যায়।চাকৰি সংক্ৰান্তীয় অজুহাতত এঠাইৰ পৰা আন এঠাইলৈ বদলি হ'ব লাগ আৰু প্ৰতি নতুন ঠাইত মোৰ নতুনকৈ প্ৰেমিকা ।মই এজন কৰ্মদক্ষতা কৰ্মচাৰী আছিলোঁ।মই মোৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিছিলোঁ।সেই বাবে মোৰ প্ৰমোচন হৈছিল।মোৰ মাজত সোমাই থকা স্বাৰ্থপৰ আৰু অকৃতজ্ঞ চৰিত্ৰটো কোনোৱে অনুভৱ কৰিব নোৱাৰিছিল।
ভাল পোৱা পৰম ঐশ্বৰিক অনুভৱ কৰিব পৰাকৈ মোৰ হৃদয়ত কাৰো প্ৰেমে ঠাই পোৱা নাছিল।বিদায় মূহুৰ্তত মোৰ প্ৰেমিকাৰ চকুলোৱে মোৰ অন্তৰ গলাব নোৱাৰিছিল।ঠাই বদলি হোৱাৰ দৰেই মোৰ প্ৰেমিকাও বদলি হয়।তেনেকৈয়ে এঠাইত মোৰ প্ৰেমিকা আছিল পৰিস্মৃতা।তাইও মোৰ তলতীয়া কৰ্মচাৰী আছিল।গিৰিয়েকৰ চাকৰি বেলেগ ঠাইত।মোৰ ওচৰতে ভাড়া লৈ অকলে থাকে।কোনো দিন অকলশৰীয়া অনুভৱ কৰিব দিয়া নাছিল তাই মোক।
মই কেনেকৈ কম তাই দিয়া ঘড়ীটো হেৰাল বুলি।খঙত জ্বলি উঠিব তাই।ঘড়ীটো বিচাৰি মই হাত দুখন মেলি মোৰ ঘৈনীক চিঞৰিলো।মোৰ ৰুমৰ দৰ্জাখন কেকাই উঠিল।চিকিৰ লগত কোনোবা এজন সোমাই আহিল।মই সিহঁতক গুৰুত্ব দিয়া নাই।মোক পৰিস্মৃতাই দিয়া ঘড়ীটো হেৰাইছে।চিকিয়ে মানুহজনক মোৰ অৱস্থাটো দেখুৱালে।মোৰ অৱস্থাটো দেখি মানুহজনে কৈ উঠিল।পৃথিৱীখনৰ দৰে আমাৰ কৰ্মবোৰো ঘূৰণীয়া।এৰি অহা কৰ্মৰ মাজত চাহাবৰ মন মগজু ভৰি আছে।হৰে কৃষ্ণ হৰে কৃষ্ণ
কৃষ্ণ কৃষ্ণ হৰে হৰে
হৰে ৰাম হৰে ৰাম
ৰাম ৰাম হৰে হৰে।
তেওঁ মাতি যোৱা ভগৱানৰ মহামন্ত্ৰ মোৰ কাণত সোমোৱা নাই।মই ঘড়ীটো হেৰুৱাই দুখত ভাগি পৰিছোঁ।
আগলৈ,,,,,,,,
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ