বৰ্তমানৰ সমাজ ব্যৱস্থা আৰু সামাজিক বিপৰ্যয়( ২য় খণ্ড)-হাফিজ বায়েজীদ বোস্তামী

©Admin
0
একান্ত ভাৱে নিজৰ পৰিয়ালৰ সদস্য সকলৰ সুখ-সুবিধাৰ প্ৰতি লক্ষ্যস্থিৰ কৰিবলৈ গৈ আমিবোৰে শামুকৰ দৰে নিজকে নিজে গোটাই ল'লো । এৰি আহিছোঁ যৌথ পৰিয়ালৰ কোলাহলৰ পৰা নীৰৱ-নিভৃতি । ফলস্বৰূপে অনিবার্য ভাৱেই আমি দিনক দিনে অনেক স্বার্থপৰ হৈ পৰিছোঁ । আমাৰ মনটোও ক্ৰমান্বয়ে ক্ষুদ্ৰ হৈ  পৰিছে । যৌথ পৰিয়ালৰ সমস্ত সদস্যৰ সন্তান-সন্ততি সকলে একগোট হৈ পঢ়া-শুনা , খেল-ধেমালি আদি কৰি যদি সকলোৰে একেটাই খোৱাৰ ভাগ্য হয় । তেন্তে সততা , স্বার্থপৰতা আহি আমাৰ মাজত কেতিয়াও বাহ সাজিব নোৱাৰে । মুঠৰ কথা আমাৰ মাজত গঢ়ি উঠিব এক মধুৰ মানসিকতা । সেই মানসিকতাৰ সৃষ্টি কিন্তু একেদিনতেই নহয় ; এদিন-এদিনকৈ বহুদিনৰ অন্তত এই মানসিকতা আমাৰ মাজত গঢ় ল'ব আৰু উক্ত মানসিকতাৰ জন্মদাতা আমি নিজেই । আমাৰ সন্তান সকলক আমিয়েই  শিকাইছোঁ , কেনেদৰে ক্ষুদ্রতম স্বার্থৰ খাতিৰত বৃহত্তৰ স্বার্থক বলি দিবলগীয়া হয় । কাকো কিবা এটা উৎসৰ্গা নকৰাকৈ কেনেদৰে কিবা এটা অৰ্জন কৰিব পৰা যায় । প্রিয় ও শ্রিয়বোধৰ দ্বন্দ্ব ইয়াতেই সম্পূর্ণ ভাৱে অনুপস্থিত ।
   বাল্যকালত আমাৰ চাহিদা আছিল যৎ কিঞ্চিৎ । প্ৰয়োজন সাপেক্ষে যিখিনি পাইছিলোঁ তাতেই সন্তুষ্ট আছিলোঁ । ন'হলেও সন্তুষ্ট থাকিবলৈ চেষ্টা কৰিছিলো । ডাঙৰক যিমান ভয় কৰিছিলোঁ । ভয়ৰ কাৰণে প্ৰায় সাত-আঠ নল দূৰত অৱস্থান কৰিছিলোঁ । তথাপিও শ্রদ্ধা-ভক্তিৰ মাপকাঠি কদাপিও চেৰাই যোৱা নাছিলোঁ । হয়তো আমাৰ অৱচেতন মনত ডাঙৰসকলৰ পৰা বিশেষকৈ পিতা-মাতা , দাদা , আইতা অথবা গুৰুজনৰ মায়া-মমতা বা আদৰ-যত্নবোৰ অভাৱ বোধৰ পৰাই জন্ম নিছিল । নিজৰ প্রতি অতিৰিক্ত স্নেহ-আদৰ আৰু পক্ষান্তৰত প্রশ্রয়ৰ মানসিকতা । যাৰ ফলত গঢ়ি উঠিছে বিস্ময়ৰ এক পৰিৱেশ । সুস্থ মানসিকতা গঢ়িবলৈ গৈ অজ্ঞাতে আমি বান্দৰ সদৃশ মানসিকতা গঢ়িবলৈ সক্ষম হৈছোঁ । আমাৰ সন্তান সকলৰ প্ৰতিও ঠিক একেই অৱস্থা । কিবা খোজাৰ লগে লগেই  অথবা তাৰ আগেতেই চাহিদা পূৰণ হোৱাৰ ফলত তেওঁলোকৰ ওচৰত প্রাপ্ত বস্তুৰ মূল্য কমি গৈ অচিৰেই মূল্যহীন হৈ পৰিছে । পিছত এদিনত যিবোৰ দিছে অর্থাৎ দাতাৰ গুৰুত্বও ক্রমশ হ্ৰাস পাই গ্রহীতাৰ ওচৰত মূল্যহীন হ'বলৈ ধৰিছে । পাৰস্পৰিক সম্পর্ক আৰু নৈকট্যৰ মাজত অতি সূক্ষ্মভাৱে ধীৰে ধীৰে দূৰত্বৰ এক অদৃশ্য প্রাচীৰৰ সৃষ্টি হৈছে । যাৰ বাবে বাৰ্ধক্যজনিত একাকিত্ব-অসহায়তা এতিয়া চাৰিওদিশে দোপতদোপে দেখা দিছে আৰু এসময়ত নিজৰ অজ্ঞাতে বৃদ্ধাশ্রমৰ চিন্তাই ক্ৰিয়া কৰিবলৈ ধৰিছে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)