বৰ্তমানৰ সমাজ ব্যৱস্থা আৰু সামাজিক বিপৰ্যয় ৩য় খণ্ড - হাফিজ বায়েজীদ বোস্তামী

Aditi Tanti
0
এতিয়া পৰিৱেশ আৰু পৰিস্থিতিৰ প্রভাৱ সম্পর্কে আলোচনা কৰো আহক। বিজ্ঞানৰ অৱদান অনেক। কিন্তু বিজ্ঞানে আমাৰ পৰা যিখিনি লৈ গ'ল তাৰ মূল্য অপৰিসীম। বিজ্ঞানৰ বিৰল ভাণ্ডাৰত আজি আমি ঘৰৰ চোকত বহি গোটেই পৃথিৱীক দেখিবলৈ পাইছো, তৎক্ষণাত যোগাযোগ কৰিবলৈয়ো সক্ষম হৈছো, পলকতে বিনিময় কৰিব পাৰিছো পৃথিৱীৰ যিকোনো প্রান্তৰ। ক'বলৈ গ'লে গোটেই পৃথিৱীটোৱেই আজি আমাৰ হাতৰ মুঠিত। দূৰদৰ্শনৰ কথাই ধৰা যাওঁক। দুৰদৰ্শনৰ জৰিয়তে আমি আমাৰ মন পছন্দনুযায়ী যি কোনো ঠাইৰ অনুষ্ঠান য'ত নেকি আছে মনোৰঞ্জনৰ মনোগ্ৰাহীৰ সাগৰত ডুব দি অঘাত পণ্ডিত হৈ ঘৰত বহি।  আছো। দুৰদৰ্শন আছিল এসময়ত তথাকথিত মর্যাদাৰ প্রতীক। এই অভিযান্ত্ৰিক দূৰদৰ্শনৰ কল্যাণত আমি ক্রমেই অসামাজিক জীৱত দিনক দিনে ধাৱিত হৈছো। লগতে হৈছো স্বার্থপৰ। য'ত নেকি দুই-এটি উদাহৰণ দিলে আশা কৰা যায় অপ্রাসঙ্গিক নহয়। প্রতিবেশী, বন্ধু-বান্ধৱ বা আত্মীয়জনৰ খবৰ লোৱাটো আছিল এসময়ত এটি শক্তিশালী সামাজিক ৰীতিৰ অংগ। অতীতৰ দিনত চিঠিৰ জৰিয়তে প্রৱাসী আত্মীয়, বন্ধু-বান্ধৱ সকলৰ খবৰ লোৱাৰ আদান-প্রদান আছিল এটি উৎকৃষ্ট পন্থা।তেতিয়া চিঠিৰ প্রাসঙ্গিকতাও আছিল বহুমুখী। পত্ৰৰ লগে-লগে লেখকৰ হাতৰ আখৰো হৈছিল সুন্দৰ, ভাষাৰ ক্ষেত্ৰতো পাইছিল বিশেষ দক্ষতা, চিন্তাশক্তিৰো হৈছিল অধিক উন্নতি। চিঠি হ'ল মনৰ প্রতিফলন বা দর্পণ। চিঠি এটি জীৱন্ত দলিল। ভৱিষ্যতৰ বহুতখিনি সমস্যাৰ সমাধান পোৱা গৈছিল একমাত্ৰ চিঠিৰ জৰিয়তে। আনহাতে কেতিয়াবা ডাঙৰ ডাঙৰ অপৰাধো ধৰা পৰিছিল এই চিঠিৰ দ্ধাৰা। চৰকাৰৰ আয়ৰ এটি বৃহৎ উৎস আছিল এই চিঠি। এই মাধ্যমৰ জৰিয়তে কিছু হ'লেও নিবনুৱা সমস্যাৰ সমাধান হৈছিল। এনে ধৰণৰ আৰু বহুবিধ উপকাৰিতা আছিল চিঠিত। কিন্তু অত্যন্ত দুঃখৰ বিষয়, চিঠি,পেপাৰ-পত্ৰিকাৰ পাঠক আজিকালি নাই বুলি ক'লেও ভুল ন'হব। যাৰ পৰিৱৰ্তে প্রায় সকলোৱে দূৰভাষে চিঠিৰ কাম সমাধান কৰিছে। আমাৰ কামবোৰ দ্রুতগতিত সমাধান হৈছে যদিও আনুষঙ্গিক আন যি বোৰ সু-ফলসমূহ আছে তাৰ পৰা প্রকান্তৰে আমি বঞ্চিত হৈছো।
  এইবোৰ অপৰিশীলিত কুৰুচিপূর্ণ ঘটনাৱলীৰ প্রতিফলন ঘটিছে আমাৰ সমাজৰ দৈনন্দিন জীৱনত মাৰাত্মকভাৱে। প্রতিনিয়তত দুৰদৰ্শনত কিছুমান মনোৰঞ্জন মূলক ধাৰাবাহিক চিনেমা আছে যিটো পৰিয়ালৰ সকলোৱে একেলগত বহি নিঃসঙ্কোচ ভাৱে উপভোগ কৰা যায়। প্রয়োজন-অপ্রয়োজনত এনে কিছুমান দৃশ্যৰ উপস্থাপন কৰা হয় যিটোৰ প্ৰতি দৃষ্টি দিলে অস্বস্তৃতিৰ অনুভত হয় । সাজ-সৰঞ্জামৰ কথা আহিলেওঁ লজ্জানত নহৈ থাকিব নোৱাৰি । বিশেষকৈ নাৰীসকলৰ সাজ-পোছাকৰ দৈন্যতাই মানৱ সমাজক বিশেষ পীড়া দিয়ে মাৰাত্মকভাৱে । 
   মনত এটা কথাই বাৰে বাৰে উদীয়মান হয় যে , আমাৰ দেশত নাৰীৰ শালীনতা বজাই ৰখাত কাপোৰৰ ইমানেই অভাৱ নে ? লজ্জা , শালীনতা বস্তুটোৱেই আজিৰ দিনত নাইকিয়া হ'ল । সাজ-সজ্জা এটি অতি উৎকৃষ্ট শিল্প । কিন্তু টি.ভি. চিৰিয়েল নিৰ্মাতাসকলে কাপোৰৰ দৈৰ্ঘ্য ক্ষুদ্ৰ কৰি শৰীৰ প্ৰদৰ্শনকেই মূল লক্ষ্যত পৰিণত কৰিছে ।

       আগলৈ...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)