সেইখনেই মোৰ স্নেহৰ জনমভূমি আই অসমী৷
পৃথিৱীৰ ক'তো বিচাৰি নোপোৱা চিৰ চেনেহী
সেউজী পৰিৱেশে দিছে দলিচা পাৰি ৷
অতিকে সুন্দৰ আমাৰ মাতৃভূমি অসমী
তোমাৰ ৰূপৰ যে তুলনা নাই ৷
পৰ্বত-পাহাৰ, নদ-নদী,
গছ-গছনি
তোমাৰ বুকুত যে আশ্ৰয় লৈছেহি।
সেয়া হৈছে একমাত্ৰ আমাৰ জনমভূমি
যাৰ কোলাখনি শান্তিৰ জিৰণি ঠাই ।
জীৱ-জন্তু ,চৰাই -চিৰিকতি
তোমাৰ বুকুত আনন্দৰে কৰিছে বসতি ।
নদী-মাতৃক দেশ বুলি খ্যাত অসমী
আমি মানুহবোৰে আনন্দৰে আছো চলা-ফুৰা কৰি৷
প্ৰাকৃতিক পৰিবেশেৰে ভৰপূৰ তুমি
সূৰ্য উঠাৰ দেশ বুলি প্ৰসিদ্ধ চৌদিশ ।
পনীয়া সোণৰ দেশ চাহপাতৰ ৰাণী
আমাৰ মাতৃ স্বৰূপ তুমিয়েই জননী ।
আমাৰ দেশত আইৰ মৰম আৰু পিতাইৰ চেনেহ
সাগৰৰ পানী যেন উপচি পৰে ৷
অতিকে আপোন অতিকে চেনেহৰ স্বদেশ ভূমি
তোমাৰ কোলাত জিৰাবলৈ দিয়া যেন ঠাই