তোমাৰ বুকুত স্থান ল'ব পৰাহেতেঁন!!
আজি মই তোমাৰ বাবে পৰ হৈ নৰওঁ ।
ভালপাইছিলা সচাঁ,
কিন্তু,মোৰ হ'ব পৰা নাছিলা তুমি।
স্মৃতি হৈ আঁতৰি যোৱা সেই
ছোৱালীজনীৰ প্ৰেমতে আজিও বুৰ গৈ আছা।
মোৰ ভূল হ'ল - প্ৰতাৰণা পৃথিৱীখনৰ পৰা আজুৰি আনি তোমাক এখন নতুন পৃথিৱী দিয়াত ,
য'ত কোনো স্বাৰ্থ নাছিল,
য'ত কোনো প্ৰতাৰণা নাছিল,
য'ত কোনো অৱহেলা নাছিল।
য'ত তুমি বিচৰা মৰমৰ এনাজৰীডাল আছিল,
তুমি সুখী হ'ব পৰাকৈ।
তুমি সুখী নহ'লা ছাগৈ!!
সেইবাবে আজি মই অকলশৰীয়া ।
পোৱা নোপোৱাৰ আশাবোৰো হেৰাই গৈছে,
প্ৰত্যুষৰ কুহেলিকাৰ অবোধ মায়াজালত।