পোখা মেলিব
ৰ'দত জিলিকি উঠিব
শতদল ।
আশাৰ গজালিত
সপোনৰ চুপহি
ৰৈ থাকিব
ফেঁহুজালিলৈ ।
এই মাত্ৰ এটা
শিলান্যাস হ'ল
তাতেই ৰৈ আছে
এজাক উৰণ উন্মুখ
সেউজীয়া চৰাই ।
চৰায়ে পাখি মেলি
নীল আকাশত উৰিব
আঁজুৰি আনিব
থুপাথুপি তৰা ।
সেই তৰাৰ পোহৰত ওমলিব
জাক-জাক হালধীয়া চৰাই ।
চৰাইজাক উৰাৰ দিনা
আমি উৰুলি দিম ।।
🔴হেমেন হাজৰিকা
ৰাণী কাহিকুছি