জন্মদিন-মোহাইমিনুৰ ৰহমান

©Admin
0
অভিষেক আৰু লিনাই একমাত্ৰ পুত্ৰ ৰিচিৰ দুবছৰীয়া জন্মদিনৰ বাবে গোটেই ঘৰটো আটকধুনীয়াকৈ সজাই তুলিলে।ব্ৰেণ্ডেড গাড়ীত বহুতো নামী-দামী মানুহৰ পাৰ্টিলৈ আগমন ঘটিল।সুস্বাদু বাৰেৰহণীয়া আহাৰৰ জুতিৰে পাৰ্টিত বিশেষ বিশেষ নাচৰ ভংগি।
কিন্তু পাৰ্টিৰ পৰা মাত্ৰ কেইগজমান দূৰত বন্ধ এন্ধাৰ কোঠা এটাত বৃদ্ধা এগৰাকীৰ  উচুপনি।অচিন দেশলৈ গতি কৰা স্বামীৰ ফটো বুকুত সাৱতি একমাত্ৰ পুত্ৰক ন মাহ দহ দিন গৰ্ভত ৰাখি জন্ম দিয়াৰ সময়ৰ যন্ত্ৰণাৰপৰা মানুহ কৰালৈকে মনৰ দাপোণত প্ৰতিফলিত হোৱা প্ৰতিখন প্ৰতিচ্ছবিৰ মূল্যত আজি এই উচুপনি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)