কঙালী বাটেৰেই মাঘৰ ভোগালী,
শীতৰ মাজতেই মকৰ সংক্ৰান্তিত অসমীয়াৰ ঘৰত হয় উদুলি-মুদুলি।
সান্দহ চিৰা লাড়ু পিঠা
ঘৰে ঘৰে থাকে
দুখীয়া দৰিদ্ৰ জনেও এই বিহুটি নপতাকৈ নাথাকে।
ৰাইজ মিলি মেজি সাজে আৰু সাজে ভেলাঘৰ
প্ৰীতি ভোজৰো আয়োজন কৰে
ভোগালী বিহুটি যে অতি আদৰৰ!