বৰ্তমানৰ সমাজ ব্যৱস্থা আৰু সামাজিক বিপৰ্যয়(খণ্ড নং-৪)~হাফিজ বায়েজীদ বোস্তামী

এতিয়া আহো ম'বাইলৰ বিষয়ে । আগতেই ম'বাইল ফোনৰ বিষয়ে কৈ থোৱা ভাল হ'ব যে, ম'বাইলৰ প্রয়োজনীয়তা সম্পর্কে আমাৰ কোনো দ্বিমত বা বিৰুদ্ধ নাই। প্রশ্ন বা সংশয় কেৱল এইখিনিতেই , যি সকলে ম'বাইল ব্যৱহাৰ কৰিছে তেওঁলোকৰ সকলোৰ বাবে এই যন্ত্ৰটো ব্যৱহাৰ কৰাৰ যুক্তিকতা বা প্রয়োজন আছেনে?  যদিও বহুদিনৰ আগত বিভিন্ন পত্ৰ-পত্রিকাত ম'বাইল জাতীয় যন্ত্রৰ ব্যৱহাৰৰ প্রসঙ্গে সতর্কবাণী উচ্চাৰণৰ লগতে ইয়াও মন্তব্য কৰিছিল যে, সেই কু-ফলসমূহ অনুভূত হোৱাত পাশ্চাত্য দেশৰ যিবোৰ  বর্জন কৰিছে আমি সেইবোৰকেই গ্রহণ কৰিছো। সেই বোৰৰ বিষয়ে আমি আলোচনাত নাযাও কেৱল স্বল্প বয়সী শিশুসকলে স্কুল-কলেজৰ শিক্ষাৰ্থী সকলৰ ম'বাইলৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বিচাৰিছো। তেওঁলোকৰ সকলোৰেই কি সত্যিকাৰ অৰ্থত প্রয়োজন আছেনে ব্যক্তিগতভাৱে মোবাইল ফোন ব্যৱহাৰ কৰাৰ? সম্প্ৰতি প্রায়েই দেখা যায়, ম'বাইল ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্নভাৱে বিভিন্নজনৰ মাৰাত্মক প্রাণঘাতী দুর্ঘটনা ঘটিছে। বিশেষকে দ্বি-চক্র যান আৰোহীৰ মৃত্যু পর্যন্তও ঘটিছে একমাত্ৰ ম'বাইল জাতীয় যন্ত্ৰৰ বাবে। যাৰ একমাত্ৰ কাৰণ হ'ল মনোসংযোগৰ অভাৱ।
   গাড়ী চলাবলৈ হ'লে  যি বস্তুটিৰ আটাইতকৈ বেছি প্রয়োজন সেইটোৱেই হ'ল মনোসংযোগ। কিন্তু ম'বাইল কানত ধৰি গাড়ী চলোৱাত মনোসংযোগ ব্যাহত হ'বলৈ বাধ্য, যাৰ অৱধাৰিত ফল একমাত্ৰ দুর্ঘটনা। আমি যি সকল সন্তান-সন্ততিৰ অভিভাৱক, জানিও নজনাৰ ভাও ধৰি আমি আমাৰ প্রাণতকৈয়ো প্রিয় সন্তানসকলৰ চাহিদা পুৰণ কৰাবলৈ গৈ মৃত্যুৰ মুখত ঠেলি দিছো। দুর্ঘটনা ঘটাৰ পিছতহে আমাৰ আফচোচ হয়, হায় এয়া মই কি কৰিলো ! প্রসঙ্গক্রমে কোৱা যায়, এটি বাস্তৱ সমস্যাৰ সৃষ্টিকর্তা আমি তথা আমাৰ দৰে অভিভাৱক। নিজৰ সঙ্গী সকলে চলাফুৰা কৰা সন্তান-সন্ততিৰ মোবাইল ক্ৰয় অথবা আনুষঙ্গিক খৰচ চলোৱাৰ সামর্থ্য নাথাকিবও পাৰে। যি সকলৰ সামৰ্থ নাই সিহঁতে  হীনমান্যতাৰ চিকাৰ হোৱাটো নিশ্চিত । কথাটি অপ্ৰিয় হ'লেও বাস্তৱ সত্য!  এইবোৰ আভিজাত্যৰ পৰা মুক্তি পাবলৈ আকৌ কেতিয়াবা অনেকেই অন্যায় জানিও প্রলোভনৰ ফানত ভৰি দিয়ে। বন্ধু-বান্ধৱীৰ ওচৰত নিজৰ সম্মান বজায় ৰাখিবলৈ গৈ চৰম অসম্মানজনক কৰ্ম কৰে। মা-দেউতাৰ আর্থিক অসঙ্গতিৰ কথাও চিন্তা নকৰি অভিমানবশতঃ আত্মহত্যাৰ পথ পর্যন্ত বাচি লবলৈ কেতিয়াবা সিহঁতে বাধ্য হয়।

     আগলৈ...

Post a Comment

Previous Post Next Post