জালুকবাৰীৰ ডায়েৰী~গল্প- ঊষামণি শইকীয়া

©Admin
0
: এই চান্দমাৰী ,বেলতলা , গণেশগুৰি আহক আহক ,খালী গাড়ী...খালী গাড়ী 

: দাদা ক'ত যাব ? উঠক উঠক।

          বৰুৱা চাৰে বজাৰৰ বেগটো লৈ ঘৰলৈ বুলি মেজিকখনত উঠি বহিল । ৰৈ ৰৈ আমনি লগাত মাজতে এবাৰ হেণ্ডীমেনটোক সুধিলে : কেতিয়া যাব ভাইটি ?

: আৰু দুইজন মান মানুহ পালেই যাব চাৰ । 

             উত্তৰ পূব ভাৰতৰ গেটওৱে জালুকবাৰী । নাগালেণ্ড , মনিপুৰ , অৰুণাচল , মেঘালয় , ত্ৰিপুৰা যলৈকে যাব খোজে জালুকবাৰী হৈয়ে যাব লাগে । "জ্ঞানতীৰ্থ" জালুকবাৰী গুৱাহাটী বিশ্ববিদ্যালয় , অসম অভিযান্ত্ৰিক মহাবিদ্যালয় , অসম আয়ুৰ্বেদিক কলেজ আৰু চিকিৎসালয় , অসম বন মহাবিদ্যালয় , আইডল আদিকে ধৰি বিভিন্ন চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানেৰে নিজৰ ঐতিহ্য বহন কৰা জালুকবাৰীৰ আজিৰ অৱস্থা বৰ শোচনীয় । জালুকবাৰীখনত আজিকালি সন্ধিয়া হ'লে ৰৈ থাকিবলৈ অশান্তি লাগে । এদিন এই জালুকবাৰীতে বৰ উৎসাহেৰে ভৱিষ্যত প্ৰজন্মক জ্ঞানৰ পোহৰ বিলাই অৱসৰ লৈছিল বৰুৱা চাৰে । সেই জালুকবাৰী আজি বৰুৱা চাৰৰ বাবে অস্বস্তিকৰ অচিনাকি হৈ পৰিল । মহানগৰীৰ দুৱাৰমুখ জালুকবাৰী এতিয়া অপৰাধীৰ ৰম্যভূমি । জালুকবাৰী ফ্লাই অভাৰৰ তলত এতিয়া ড্ৰাগছ , মদ ,জুৱা ,চোৰ , ডকাইতিৰ লগতে নাৰী দেহৰো ৰমৰমীয়া বেহা চলে । সন্ধিয়া হ'লে জালুকবাৰীৰ হুলস্থুলীয়া পৰিৱেশত সাধাৰণ মানুহৰ বাবে উশাহ লোৱাও কঠিন হৈ পৰে । ককায়েক ভনীয়েকো যদি লগত যায় বহু মানুহৰ দৃষ্টিত সন্দেহৰ কাৰণ হৈ পৰে । কাৰণ আজিকালি মানুহৰ হাতে হাতে এনড্ৰয়ড ম'বাইল । কোনে কোন সময়ত ফটো মাৰি ছ’চিয়েল মেডিয়াত ফটো শ্বেয়াৰ কৰে তাৰ কোনো ঠিক নাই । যিহেতু উলুৰ লগত বগৰী পোৰা যোৱাটো তেনেই সাধাৰণ কথা হৈ পৰিছে । সেয়েহে বৰুৱা চাৰে মনে মনে ভাবিলে যিমান সোনকালে পাৰে ইয়াৰ পৰা গাড়ীখন ওলাই যায় সিমানেই ভাল হয় ।  

     তেনেতে হুৰমূৰকৈ বাৰ তেৰজন মান পুৰুষ মহিলা আহিল গাড়ীত উঠিবলৈ । সিহঁতৰ বৰ লৰালৰি । কিন্তু চাৰ থকাৰ বাবেই এজনৰ বাবে চিট নোহোৱা হ'ল । হেণ্ডীমেনটোৱে ৭০ বছৰীয়া চাৰক সুধিলে আপুনি কলৈ যাব । চাৰে তেতেলীয়া ... বুলি কোৱাত চিঞৰি উঠিল 
: চাৰ আপুনি নামক নামক পিছৰ খনত আহি থাকক । আপোনাৰ দহ টকাটোৰ বাবে আমি পঞ্চাচ টকা খেদাব নোৱাৰো নহয় । 

               ইমান বোৰ মানুহৰ আগত লজ্জানুভৱ কৰি চাৰে সেমেনা সেমেনিকৈ গাড়ীৰ পৰা নামি আহিল । পিছৰ খন গাড়ীত আহি বহি পৰিল । এইবাৰো ওচৰৰ যাত্ৰী বুলি চাৰক নিব নুখুজিলে । অনুৰূপ ঘটনা এটা সংঘটিত হৈ গ'ল । গাড়ীৰ পৰা নামি যাবলৈ ক’লে । এইবাৰ চাৰৰ ধৈৰ্যৰ বান্ধ চিঙি গ'ল । 
: ঐ ধূৰন্দৰহঁ‌ত তহঁ‌তে মোক চিনি পোৱা নাই । মই জীৱনৰ সুদীৰ্ঘ কাল এই জালুকবাৰীতেই কটালোঁ । মোৰ ষ্টুডেণ্ট এতিয়া এই গুৱাহাটীৰেই বিধায়ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুজিছ । তহঁতে মোক চিনি নাপাৱ । মোৰ নিজৰে তিনি চাৰিখন গাড়ী থকাৰ পিছতো চকুৰ সমস্যাৰ বাবেহে তহঁতৰ এই গাড়ীত যাত্ৰী হ'বলৈ আহিছো । তহঁতৰ এই পুৰণি কলিয়া ব্যৱহাৰ কোনো দিনেই শেষ নহয় , ভাবিছিলোঁ‌ কেতিয়াবা ভাগ্য ভালে থাকিলে "লাইফ অৱ এ ড্ৰাইভাৰৰ " ৰূপম দত্তৰ দৰে এজন ভাল লেখকৰ সংগ সুখ লাভ কৰিম বুলিয়েই । কিন্তু সৰু সৰু কাম কৰা মানুহ তহঁতে কোনো দিনেই মহান হ'ব নোৱাৰ ।

চাৰৰ কথা শুনি বেলেগ এখন গাড়ীৰ পৰা এজন দাদা নামি আহিল । চাৰ্টৰ হাত কোঁ‌চাই বেপেৰোৱা ভংগিমাৰে চিঞৰি উঠিল  

: ঐ বুঢ়া কাক কথা কৈছ তই ? মোক চিনি নাপাৱ । মই তোৰ দৰে বুঢ়াক গতিয়াই উলিয়াই দিব পাৰো । মৰিবলৈ দুটা দিন নাই তোৰ । মুখ চম্ভালি কথা কবি । দাড়ি চুলি পকালি কথা ক’ব নিশিকিলি আৰু এনে কথা নক’বি ... । 

 চাৰৰ এইবাৰ আৰু সহ্য নহ'ল । 
: ঐ ল'ৰা মই কোন জান' ... ব’ল ব’ল মই কোন তোকো চিনাই দিও বুলি চাৰ কাষতে থকা জালুকবাৰী থানা পালেগৈ। জালুকবাৰী থানাৰ দত্ত এছ আইক বিচাৰি গৈ এজন নতুন অফিচাৰৰ মুখামুখি হ'ল । থানাৰ মানুহবোৰেও এই সকল ধূৰন্ধৰৰ ওপৰত স্থায়ী ভাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে বাবেই এই ধৰণৰ সমস্যাবোৰ সমস্যা হৈয়ে ৰৈ গৈছে । তেওঁলোকেও চাৰক হে এই বিলাক মানুহৰ মুখ নালাগিব বুলি বুজাই বঢ়াই পঠাই দিলে । 

          অৱশেষত লাজ আৰু সন্মানহানিৰ ভয়ত চাৰে দুই কিলোমিটাৰ ৰাষ্টাৰ বাবে এখন উৱেৰ বুক কৰি আহিব লগা হ'ল । চাৰৰ দুই পুত্ৰই চাৰক বজাৰ সমাৰ কৰিবলৈ আহিবলৈকে নিদিয়ে । কিন্তু ঘৰত সোমাই সোমাই আমনি লগাৰ বাবেহে বেগটো লৈ ওলাই আহে । এনেকৈ ওলাই অহাটো জানো অপৰাধ । জ্যেষ্ঠ নাগৰিকক সন্মান দিব নজনা এই নৱপ্ৰজন্মৰ ব্যৱসায়ী সকলৰ মন মানসিকতা কেতিয়াবা সলনি হ'ব নে বাৰু !! আচলতে পুলিচ প্ৰশাসনে এনেকুৱা ধৰণৰ কামবোৰ কৰিব পাৰে কিন্তু আমাৰ জনসাধাৰণো সজাগ হ’ব লাগিব এই ক্ষেত্ৰত। কাৰণ স্থানীয় প্ৰশাসনে এদিন দুদিন ৰক্ষণাবেক্ষণ দিয়াৰ পিছত পকেট মাৰ , গাড়ীৰ হেণ্ডীমেনক শিকনি দিবৰ বাবে পিছ দিনাৰ পৰা আমাৰ জনসাধাৰণ নিজেই সজাগ হ’ব লাগিব। এইটোৱেই বৰ্তমানৰ সত্য কথা । প্ৰকৃত পক্ষে জালুকবাৰীৰ এই দুৰৱস্থা বাৰু স্থানীয় প্ৰশাসনে , জালুকবাৰীবাসী ৰাইজৰ লগতে স্থানীয় দল , সংগঠনে কিবা উচিত ব্যৱস্থা লোৱাটো আমিও বিচাৰো । 


✍️ঊষামণি শইকীয়া
গুৱাহাটী-- ১২ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)