জীৱন এখন বাছ- শ্ৰী অভিজিত শেনচোৱা

©Admin
1
জীৱনটো এখন চলন্ত বাছ । পথ আপোনাৰ আয়ু । এই বাছৰ গৰাকী আপুনি । আপুনিয়েই এই বাছৰ ড্ৰাইভাৰ । চলোৱাটো আপোনাৰ দায়িত্ব । ৰাস্তা মসৃণ নহয়, ঠিক পিছে পংকিলো নহয় । ঠায়ে ঠায়ে ৰাস্তা মসৃণ, ঠায়ে ঠায়ে বাছ ৰৈ যোৱাকৈ পংকিল । এই ৰাস্তাত বৰ্তি থকাৰ দায়িত্ব আপোনাৰ । এই একা-বেঁকা, ওখোৰা- মোখোৰা বাটক আপোনাৰ বাছ সুন্দৰকৈ চলাব পৰা কৰি তোলাৰ দায়িত্বও আপোনাৰ । এই পথত আপোনাৰ যাত্ৰী হয়তো অনেক । পিছে সকলো যাত্ৰী জানো শেষ ষ্টপলৈ আপোনাৰ সৈতে যাব ? কোনো উঠিব বাছ চলাৰ মুহূৰ্তত, নামিব কিছু দূৰত । কোনো উঠিব আপোনাৰ পথৰ মাজভাগত যাব শেষ ষ্টপলৈ । মাথোঁ আপোনাৰ বাছ আৰম্ভ হোৱাৰ পৰা শেষ ষ্টপেজলৈ থাকিব আপোনাৰ বাছৰ দ্বিতীয় অধিকাৰী হেণ্ডিমেন দুজন । যি আপোনাৰ বাছ সেই কণ্টকময় ৰাস্তাত সুন্দৰকৈ চলাব পৰাকৈ বাট দেখুৱাই যাব ।।


Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment