আজিৰ দিনটোৰ বিশেষত্ব ১৯ জানুৱাৰী

©Admin
0
১৯ জানুৱাৰী (ইংৰাজী: 19 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৯ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬টা দিন (অধিবৰ্ষত ৩৪৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

১/অমৰ পাঠক পৰিচালিত ‘‘সংগ্ৰাম’’ নামৰ কথাছবিখনে মুক্তি পাইছিল ১৯৬৮ চনৰ আজিৰ দিনটোতে।

২/অসম আন্দোলন অন্যতম ফচল অসমৰ তৃতীয়টো শোধনাগাৰ বঙাইগাঁও তেল শোধনাগাৰ ১৯৭২ চনৰ আজিৰ দিনটোতে ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছিল।

৩/ ভাৰতৰ প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ ‘এপল’ (Apple : Ariane Passenger Payload Experiment) সফলতাৰে উৎক্ষেপণ কৰা হয় ১৯৮১ চনৰ আজিৰ দিনটোতে। দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ কুৰুৰ (Kourou) এই উপগ্ৰহ উৎক্ষেপণ কৰা হয়।

৪/ আজিৰ দিনটোতে আমেৰিকান দম্পতী এথেল ৰোজেনবাৰ্গ আৰু জুলিয়াছ ৰোজেনবাৰ্গক মৃত্যুদণ্ড দিয়া হয়। ৰাছিয়াৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত তেওঁলোকক এই শাস্তি বিহা হৈছিল। উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত চোৰাংচোৱাগিৰি কৰা এওঁলোকেই প্ৰথম আমেৰিকান নাগৰিক।

৫/ ১৯৪৭ চনৰ আজিৰ দিনটোতে মুম্বাইত ভাৰতীয় বংশোদ্ভৱ ইংৰাজ লেখক ছলমান ৰুশ্বদীৰ জন্ম হয়। 

৬/ ১৬২৩ চনৰ আজিৰ দিনটোতে ফৰাচী গণিতজ্ঞ, পদাৰ্থবিদ ব্লেইজ পাস্কেলৰ জন্ম হয়।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)