জুই ।কেঁচা বস্তু পুৰিবলৈ ব্যৱহাৰ হৈছিল। দুই শিলত ঘঁহনি হৈছিল। তাৰ পৰা জুইৰ ফিৰিঙতি ওলাইছিল। ফিৰিঙতিবোৰ সিঁচৰতি হৈছিল। বেছি দূৰলৈ নহয় , ঠাইতে। জুই ওলাল। ইয়াত বহু কাম সমাধা হ'ব। মানুহবোৰ দলবান্ধি আছিল। গাত কাপোৰ নাছিল। গছৰ পাত, চাল, বাকলি পিন্ধিছিল। কেঁচাকৈ বস্তু খাইছিল। গছৰ ঠাল, ঠেঙুলিৰে চিকাৰলৈ সঁজুলি বনাই লৈছিল। এটি দলত প্ৰায় ৫-১০ জন পৰ্যন্ত আছিল। অৰণ্যবোৰত পিটপিটাই আছিল। এটি অনুসন্ধানী মনৰে। ক'ত কি আছে। কি নাই। সম্বল বিচাৰি চলাথ কৰিছিল। যিহকে পাই খাই দিন কটাইছিল। এই মানুহখিনিয়ে পোহৰৰ দিশে কেতিয়া আহিব। কবিয়েও কৈছিল---
"...পোহৰতকৈ এন্ধাৰ ভাল।
জীৱনৰ অগ্ৰগতিত ৰামেশ্বৰৰ সেঁতুৰ বান্ধ।
শঙ্কা কিহৰ?
নতুন পুৱাৰ কেঁচা পোহৰত আশাৰ জুই।
আমাৰ চকুত তীখাৰ শাণ।
(পোহৰতকৈ এন্ধাৰ ভাল-হেম বৰুৱা)
🖋️ৰাজেন দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ