নাৰী অপৰিসীম সত্তাৰ অধিকাৰী | চিন্ময় ডেকা

Rinku Rajowar
0
নাৰীৰ মহিমা অপাৰ। সহিষ্ণুতাৰে ভৰা আন্তৰিকতাৰ একাগ্ৰতাৰে নাৰী হৈছে সৃষ্টিকাৰী, মমতাময়ী। প্ৰাণধন, জীৱন দান, মহৎ উদ্দেশ্যৰে সুখানুভূতিৰ পৰিপক্ক একোটি নাম- নাৰী। এক বিৰল সমীক্ষাৰ অন্ততঃ এটি সুন্দৰ শব্দ যাৰ অৰ্থ যেন, অজস্র তিৰোতা, মহিলা ইত্যাদি। ইয়াৰ ঐতিহ্য অপৰিসীম, সকলোৱে অৱগত। নাৰী হৈছে- ৰহস্যময়ী। এদিন মাতৃ, এদিন জীয়াৰী, এদিন বোৱাৰী, এদিন  কাৰোবাৰ হয় ভনী, পত্নী ইত্যাদ্দি।সীমাহীন অলেখ মৰম ভালপোৱা'ই হৈছে এক কথাত নাৰী। 
জীৱনত পুৰুষৰ তুলনাত নাৰীৰ অৱদান অদ্বিতীয়, নাৰী অবিহনে সংসাৰ শূণ্য। শূণ্যতাত অৱদমিত হ'ব একোখনি সুন্দৰ সমাজ। সৃষ্টিৰ পাতনিৰে আৰম্ভ কৰি আজীৱন সাধনাৰে নিজস্ব বৰণ সলায় যেন নাৰী ৰহস্যময়ী। ৰহস্যৰ আৱৰ্তনত সৃষ্টিৰ প্ৰাণদায়িনী। অৰ্থাৎ নাৰীৰ অবিহনে সৃষ্টিৰ কল্পনাই কৰিব নোৱাৰি। লক্ষ্য কৰিলে দেখা পাওঁ অজস্র মহিমাৰ অধিকাৰী হৈছে নাৰী, যাক বৰ্ণনা কৰিব নোৱাৰি। এগৰাকী নাৰীৰ সমাজত প্ৰভাৱ অপৰিসীম। অতীজৰে পৰাই অৰ্থাৎ বৈদিক যুগ অথবা পুৰাণ, ৰামায়ণ, মহাভাৰতৰ যুগৰ কালৰে পৰাই নাৰীয়ে সমাজত যথেষ্ট প্ৰভাৱ পেলাই আহিছে। যাৰ অবিহনে সংসাৰ সাৰশূন্য। উল্লেখনীয় ভাৱে এখন সুস্থ সৱল সমাজ গঠনত নাৰীৰ ভূমিকা অনস্বীকাৰ্য, সকলোৱে পৰ্য্যায়মানে জ্ঞাত। এক কথাত এখন সমাজত পুৰুষতকৈ নাৰীৰ অৱদান উল্লেখনীয় বুলি ক’লে মই বঢ়াই কোৱা নহ’ব। কিয়নো আমি ঘৰখনৰ পৰাই আৰম্ভ কৰোঁ, এগৰাকী নাৰীৰ ভূমিকা। সৃষ্টি ৰক্ষাৰ্থে সন্তান গৰ্ভধাৰণ কৰাৰ পৰা আৰম্ভ কৰি সন্তান জন্ম দি লালন-পালন কৰি সুন্দৰ ভাৱে সন্তানটিক একোজন সুন্দৰ ব্যক্তিত্বৰ মানুহ হিচাপে গঢ় দিয়ালৈকে যথেষ্ট কষ্ট কৰিব লগা হয়। সময়ৰ সোঁতত একোজনী জীয়াৰী অথবা নাৰীয়ে ‘মা' হয়। আইৰ মৰম, আকুলতা, ভালপোৱাৰ মাজেৰে সন্তানক বুকুৰ উম দি লালন-পালন কৰি ডাঙৰ-দীঘল কৰে। নিজৰ সন্তানক সুৰক্ষা দিয়াৰ লগতে মাতৃয়ে কোনো কোনো ক্ষেত্ৰত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰিয়ো জীৱন অতিবাহিত কৰিব লগা হয়। সেয়ে কোৱা হয় –‘আইৰ সমান হ’ব কোন, নৈ'ৰ সমান ব’ব কোন’।এগৰাকী নাৰী জননী তথা মমতাময়ী। 
নাৰী তুমি সঁচাই অনন্যা। এখন সুখৰ সংসাৰ গঢ়াত নাৰীগৰাকীৰ ভূমিকা অপৰিসীম। এখন ঘৰৰ পৰা ছোৱালী এজনীক ‘লখিমী বোৱাৰী’ হিচাপে আদৰি অনা হয় আন এখন ঘৰলৈ। ন ঘৰখনৰ লগত নিজক খাপ খুৱাই নিজক প্ৰতিষ্ঠিত কৰোৱাটো বৰ অনুপম; ৰহস্যৰ আৱৰ্তন হয়। এইক্ষেত্ৰত কিন্তু ঘৰখনৰ স্বামীৰ সহযোগিতাও সমানেই প্ৰয়োজনীয় লগতে সৌহাদ্যপূৰ্ণ ব্যৱহাৰ মৰম আৰু আন্তৰিকতা। নাৰী হ’ল শক্তিৰ আধাৰ; নাৰী শক্তি জাগ্ৰত হ’লে তাক প্ৰতিহত কৰাৰ ক্ষমতা কাৰো নাই। সেয়ে হয়টো নাৰী ছলনাময়ী; অপৰিসীম সত্তাৰ অধিকাৰী।
                  

✍️চিন্ময় ডেকা, টংলা ওদালগুৰি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)