তুমিয়েই নে কৃষ্ণ বৃন্দাবনৰ-মনি ডেকা

সন্ধিয়াৰ মলয়াজাকে সিঁচি দিয়ে
নাম নজনা অথচ চিনাকি ফুলৰ
এক মায়াময় সুবাস,
নামঘৰৰ শঙ্খ ঘন্টাৰ ধ্বনিত
মুখৰিত গোটেই গাওঁ খনি
আপোন মাটিৰ সুবাসত
পুলকিত হয় হৃদয় খনি।
তেতিয়াই এৰা ঠিক তেতিয়াই
মনৰ নিৰলা কোণত গোপনে আহি
প্ৰেম প্ৰেম ভাব এটি জাগি উঠি
হৃদয়খন যে ৰোমাঞ্চিত হৈ পৰে,
পাব খোজে মনে প্ৰেমাস্পদৰ
এক মধুৰ আলিঙ্গন
মনৰ দাপোনত উটি ভাঁহি  বৈ আহে
প্ৰেম নিজৰাৰ  এক অদেখা নদী
কল্লোলিত হৃদয়ত বাজি উঠে
সপ্তসুৰৰ মধুৰ ৰাগিনী
দেখা নেদেখা  ভাবত ভাহি উঠে
প্ৰিয়তমৰ এখন নেদেখা ছবি
দুচকু মোহাৰি ভালকৈ চাবলৈ যত্ন কৰো
আস্..
তুমিয়েই নে কৃষ্ণ বৃন্দাবনৰ
গোপনে আহি দিয়াহি দেখা
মন প্ৰাণ বিয়াকুল কৰি
মধুৰ আলিঙ্গনৰ প্ৰলোভনেৰে
মোৰ  সাঁচতিয়া মনটি নিলাহি হৰি?

Post a Comment

Previous Post Next Post