চাহজনগোষ্ঠীৰ উত্তৰণত শিক্ষাৰ ভূমিকা-জোতি কৃষ্ণ ৰাও

Aditi Tanti
0
বৰ্তমান সময় হৈছে বিশ্বায়ণৰ প্ৰেক্ষাপথত প্ৰতিযোগিতাৰ দূৰত্বৰ গতিত আগবঢ়া ইণ্টাৰনেট বিপ্লৱ(internet Revolution) যুগ। বিজ্ঞান সভ্যতা আগবঢ়াৰ লগে লগে মানৱসভ্যতা আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে। ঠিক একেদৰে আমাৰ অসমীয়া সমাজৰ মূলসূঁতিৰ এক অবিচ্ছেদ্য অংগ হৈছে আমি অৰ্থাৎ অসমৰ চাহ জনগোষ্ঠীৰ লোকসকল।অসমৰ ৮৫৫ খন চাহ বাগিছাৰ ভিতৰত ২০১৮-১৯ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ এক তথ্য অনুসৰি অসমত ১ কোটিৰো অধিক চাহ জনগোষ্ঠীৰ লোক অসমত আছে।আমি সূক্ষ্মভাৱেই পৰ্যবেক্ষণ কৰিলে ১০৮ টাৰো অধিক চাহ জনগোষ্ঠীৰ উপজাতিও আছে।তাৰেই ভিতৰত বাগিছাত কাম কৰা স্থায়ী শ্ৰমিক প্ৰায় ৮ লাখৰো অধিক ।তাৰ সমান্তৰালভাৱেই বাগিছাৰ অস্থায়ী শ্ৰমিক হিচাপে আৰু ক্ষুদ্ৰ বাগিছাত বহুতো লোকেই শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে।আৰু ৫০ লাখৰো অধিক লোকেই ছাত্র ছাত্রী নতুবা ,চৰকাৰী চাকৰিয়াল , বিভিন্ন বৃত্তিৰ লগত জড়িত । 
 এতিয়া আহোঁ আলোচিত বিষয়বস্তুৰ গভীৰতালৈ আজিৰ যুগ হৈছে প্ৰতিযোগিতাৰ যুগ ।প্ৰতিযোগিতাৰ অগ্ৰগতিৰ লগে লগে আমাৰ চাহ জনগোষ্ঠীৰ লোক সকলেও আগবাঢ়ি যোৱা পৰলক্ষিত হৈছে। এই ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ লোক সমাজত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিভিন্ন ধৰণৰ শিক্ষা যেনেঃ চিকিৎসা বিজ্ঞানৰ শিক্ষা , অভিযান্ত্ৰিক শিক্ষা ,বৃত্তিমুখী শিক্ষা ,আইনশিক্ষাৰ ,পলিটেকনিক শিক্ষা, কম্পিউটাৰ শিক্ষা, ৰেচম আৰু কৃষি শিক্ষা আৰু BA, MA, BSC, MSC ,B.Ed, DLED, NET,SLET ,P.H.D আদি শিক্ষাৰ ক্ষেত্ৰত চাহ জনগোষ্ঠী ছাত্র ছাত্ৰী সকলেই এই বিলাক শিক্ষাৰ কোনো ৰকমেই পিছ পৰি থকা নাই। কিন্তু সকলো লোকেই উপযুক্ত প্ৰেক্ষাপথ নোপোৱাৰ বাবেই কিছুমান লোক শিক্ষাৰ বিৰত থাকিবলগীয়া হয় কাৰণ বহুতোলোকৰ ঘৰুৱা আৰ্থিক সমস্যাৰেই জৰ্জৰিত হোৱাৰ বাবেই উচ্চ শিক্ষাৰ পৰা চৰকাৰী বিনামূলীয়া শিক্ষা পালেও কেতিয়াবা শিক্ষাৰ পৰা বঞ্চিত হবলগীয়া হৈছে এই ক্ষেত্রত অভিভাৱকৰ অসচেনতা উপযুক্ত গাইডলাইনৰ অভাৱৰ বাবেই ।২০২০-২১ বৰ্ষৰ SEBA ৰ এক সমীক্ষা অনুসৰি মেট্রিক পাছৰ সংখ্যা ৩০ শতাংশৰো অধিক।বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনে ভাৰতীয় লোক সেৱা আয়োগ পৰীক্ষা ক্ষেত্ৰত দুই তিনিজন হলেও,অসম লোকসেৱা আয়োগ পৰীক্ষা ক্ষেত্ৰতেই হওঁক ষ্টাৰ্ফ চিলেকশ্বন বৰ্ডৰ পৰীক্ষা ,বেংক সম্পৰ্কীয় পৰীক্ষা, টেট পৰীক্ষা, ANM আৰু GNM ৰ্নাছিং পৰীক্ষা আৰু অন্য ধৰণৰ পৰীক্ষাৰ ক্ষেএত আগবাঢ়ি গৈছে। ২০২১-২২ বৰ্ষৰ অসম চৰকাৰ চৰকাৰী বাজেট অনুসৰি চাহ জনগোষ্ঠী অসমৰ গৌৰৱ সংকল্পৰেই উচ্চশিক্ষা সুনিশ্চিয়ত কৰিবলৈ কল্যাণকামী আচঁনি হাতত লৈছে। নিৱনুৱা যুৱকৰ বাবেই ATEPFO ৰ পঞ্জীয়কৃত অধীনত ১১০০ খন চাহ বাগিছাৰ গেলামালৰ দোকান খোলা ব্যৱস্থা আৰু আত্মসহায়ক গোটৰ বাবেই সন্দুৰ পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। দক্ষতা বিকাশ আৰু উদ্যমিতা বৃদ্ধি কৰিবৰ বাবেই শ্বহীদ দয়াল দাস পানিকা স্বনিৰ্ভৰশীল আচঁনিৰ জৰিয়তে নিৱনুৱা যুৱক -যুৱতীসকলক ২৫০০০ ৰ এককালীন সাহাৰ্য্য। কিন্তু এটা কথা অপ্ৰিয় হলেও সত্য চৰকাৰে লোৱা এই সুন্দৰ পদক্ষেপ ক্ষেত্রত বহুতো যুৱক- যুৱতীয়েই বঞ্চিত থাকিবলগীয়া। কাৰণ কিছুমান বিভাগীয় সমস্যাৰ বাবেই । নিৱনুৱা সমস্যা হওঁ ক অন্যধৰণৰ সমস্যাই এটা জাতি উন্নয়ণত শিক্ষাই ঘাই উপাদান হিচাপে কাম কৰে।চৰকাৰ সহযোগিতা উপৰিও সচেতন ব্যক্তিৰ সচেনতাই সমাজ এখন প্ৰগতিশীল কৰিব পাৰে।ঠিক তেনেকৈ চাহ জনগোষ্ঠী সমাজত বহুত আগবঢ়া মানুহ আছে। এইক্ষেএত তেওঁলোকৰ অৰিহণাই শিক্ষাৰ ক্ষেত্রত আগবঢ়াই নিব লাগে । 
 শিক্ষা হৈছে এক ধাৰাবাহিক বা গতিশীল প্ৰক্ৰিয়া । ই অবিৰত ভাৱেই চলি থাকে ।ঠিক তেনেকৈ চাহজনগোষ্ঠী সমাজত শিক্ষাৰ অগ্ৰগতিয়েই এখন সমাজ বা এটা জাতি আগবঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।এইক্ষেত্ৰত নতুন শিক্ষা নীতি ( New Education Policy ) আৰু নীতি আয়োগেই প্ৰদান কৰা বহনক্ষম উন্নয়ণৰ সূচক নম্বৰ চাৰিত আমাক উপযুক্ত শিক্ষাৰ প্ৰদানৰ কথা কৈছে।সেই অনুসৰি আগবাঢ়ি যাব লাগে তেতিয়াই এখন সমাজত শিক্ষাৰ প্ৰগতি বিকাশ ধাৰা চিৰ দিনলৈ বৈ যাব।
   
         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)