মূল্যহীন

Rinku Rajowar
0
ৰাস্তাৰ দাঁতিত ধন নামৰ অনাথ ল'ৰাটিয়ে আজিও কাৰোবাৰ অনুগ্ৰহ লৈ বাট চাই ৰৈ আছে। কিন্তু কি কৰিব এই সমাজৰ প্ৰতিজনেই নিজৰ মাজত ব্যস্ত। হঠাৎ ধনৰ চকুত পৰিল এখন মালবাহী গাড়ীৰ পৰা এসোপা ৰঙীন কাগজ পৰি গৈছে। প্ৰতিখন ৰঙীন কাগজতেই দণ্ড লাগি আছিল।তাৰ অনুভৱ হৈছিল ৰঙীন কাগজবোৰ সি ক'ৰবাত দেখিছে। মগজুত অলপ জোৰ দিয়াত সি ৰাতিপুৱা এজন ল'ৰাই দেউতাকক তিনিআলিৰ দোকানৰ এনে ৰঙীন কাগজৰ দিশে আঙুলিয়াই কোৱা শুনিছিল-" দেউতা,আজি ২৬ জানুৱাৰী, পতাকা এখন লৈ দিয়া না"। সচাকৈ দেউতাকে ১০ টকা দি লৈ দিছিল। সি মনতে আশাৰ ৰেঙনি লৈ ট্ৰেফিক পইন্টটোত পতাকা বিক্ৰী কৰাত লাগিল। সঁচাকৈ ১০০ টকামান বিক্ৰী হ'ল। পইচাবোৰ হিচাপ-নিকাচ কৰোঁতে হঠাৎ এটা ডকাইতে তাৰ হাতৰ পৰা টকাবোৰ থপিয়াই লৈ গ'ল। সন্ধিয়ালৈ ভোকত থকা ধনে কান্দিব ধৰিলে।পেটৰ ভোকত চিঞৰি উঠিল। মাত্ৰ তাৰ আশা এতিয়া ৰাতিপুৱাটোলৈ।

    বেলিৰ পোহৰ জিলিকি উঠিল।সি বাকী থকা পতাকাকেইখন লৈ দৌৰি ট্ৰেফিক পইন্টত প্ৰতিজন মানুহৰ সন্মুখত ক'ব ধৰিলে-" দাদা,এখনত ১০ টকা লওক"।বাৰে বাৰে প্ৰতিজনৰ ওচৰত অপমানিত হৈ বিফলতাৰে ধনে বহি পৰা মনটোৱে এটা কথাই খেলি-মেলি লগাই ব'ল-" কালি মূল্য থকা এই পতাকাখন আজি ইমান অনাদৰ কিয়?


         ✍🏻প্ৰশান্ত দাস
      পানীচকুৱা, যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)