জাৰউইম(খণ্ড নং-৬)~ৰাজেন দাস

চকু খজুৱাই আহিছে। মুখখন এপাচি।(এইখিনি সময়লৈ তাই 'এপাচি শাকত এটা জালুক'ৰ কথাটো বুজিব পৰা হোৱা নাই) কিবা ক'লেই যেন তাইৰ লাওপাত কচুপাত মুখখনে খজুৱতি মাৰিবই পাৰিব। তাই যি কয় সচাঁয়ে কয়। সচাঁ বা সত্যটো যেন তাই বৈ উলিওৱা ৰিবিগাচেং। তাই চাংঘৰৰ পৰা নামি আহিছে। হাত দুখন চাংঘৰলৈ উঠা জখলাইদি। সেই ডাল জাতিবাঁহ। নাৱৰ লগীৰ দৰে। তাই বাঁহৰ বাঢ়নিডাল লৈ গোটেই চোতাল সাৰিছে। বাটটো সাৰিছে। গোঁহালি চাফ-চিকুণ কৰিবলৈ ধৰিছে। গোটেই বাটটোত গৰু-গাই, মানুহ-দুনুহ, গাড়ী-মটৰ ইত্যাদিৰ অহা-যোৱা। কাৰ লগত কি বোকা-মাটি, পানী-দুনী, ধূলি- মাকতি, কূটা-কুটলি লাগি আহে। কোনে জানে! পৰিৱেশ সদায় চাফা কৰি ৰাখিব লাগে। মানুহৰ মনৰ দৰে। পৰিৱেশ ভাল হ'লে মন ভাল হ'ব। মন ভাল হ'লে কাম কৰিবলৈ ভাল হ'ব। কামেহে পেটৰ ভাতমুঠি দিব। কৰ্মই আমাৰ ধৰ্ম।
     মাকৰ সৈতে কামত বাঘে লগাদি লাগে। জনজাতীয় ছোৱালী। কামে বনে আপুনি বলে নোৱাৰিব। বৰ চোকা। কামত পাগল। পুৱাৰ পৰা ৰাতি শেতেলীলৈ যোৱালৈকে। ধান ঢেঁকীত খুন্দা। উড়ালত ধান খুন্দা। হালধী খুন্দা। নামছিং খুন্দা। পিঠাগুৰি খুন্দা। কলমা গুৰি কৰা। খেতি-পথাৰৰ কাম।বাৰীৰ কাম। ঘৰৰ মানুহখিনিক আল-পৈচান ধৰা। মুঠতে ঊণাও নহ'লে মাকৰ--
        "দিনতে এন্ধাৰ"।

✍🏻ৰাজেন দাস

Post a Comment

Previous Post Next Post