মোৰ প্ৰেমিক তেওঁ-হিমাক্ষী দেৱী

অজানিতে তেওঁৰ প্ৰেমত পৰিলোঁ
কোনো কাৰণ নাছিল তেওঁক ভালপোৱাৰ।
কিন্তু;কাৰণৰ নো কি প্ৰয়োজন?
যেতিয়া হৃদয়ে তেওঁক মানিলে আপোন।
মোৰ ভঙা বিশৃঙ্খল পৃথিৱীত
ডুবি আছিলো তেতিয়া, 
যেতিয়া;তেওঁ আহিছিল গোপনে
সুখৰ আঁচল খনেও মোলৈ বাট বুলিছিল।
সময়ে কিছু তিতা-মিঠা সোৱাদ 
উপহাৰ নিদিয়া নহয়
তথাপিও ভাললগা অনুভৱ এটিয়ে
প্ৰতিপল মোক আৱৰি ৰাখিছিল।
হয়, মোৰ প্ৰেমিক তেওঁ 
প্ৰতিশ্ৰুতি দিছিল যিদিনা
মোৰ বিশৃঙ্খল পৃথিৱীখন সামৰাৰ
তেওঁ হৈ পৰিছিল সেই পৃথিৱীখন।
য'ত ভাগৰুৱা মইজনীয়ে
নিৰাপত্তা বিচাৰি পাওঁ।
পাওঁ এমুঁঠি মুকলি উশাহ
পাওঁ চিৰ সেউজীয়া মৰমবোৰ!
সময়ৰ খেল এয়া..
য'ত আজি তেওঁ অবিহনে
মোৰ উশাহবোৰ আধৰুৱা
মইজনী আধৰুৱা।
তেওঁৰ মৰমে বাউলি কৰা মইজনী
উৰিব বিচাৰো আজীৱন
তেওঁ নামৰ মুকলি আকাশখনৰ
নীলাখিনিক সামৰি...!!

                      
                 ✍হিমাক্ষী দেৱী

Post a Comment

Previous Post Next Post