কেতিয়াও ভৱা নাছিলোঁ
এই কথা ,
যি কথা তাই ভাৱিছিল
গমো পোৱা নাছিলোঁ
তাই ভাৱিছিল বুলি ।
এতিয়া দেৰি হৈ গ'ল
বহুত দেৰি...
হয়তো তাই মোক
বেয়া পাব !
তথাপিও উপায় নাই
মই যে তাইৰ বাবে অনুপযুক্ত !
তাইৰ বাবে ৰৈ আছে আন দহজন
মই কেতিয়াও গম পোৱা নাছিলোঁ
তাই মোক তেনেদৰে ভাৱিছিল বুলি
এতিয়া বহুত দেৰি হৈ গ'ল ।
হয়তো তাই
গোটেই জীৱনতো মোক ক্ষমা নকৰিব
তথাপিও মোৰ যে উপায় নাই !
কি বুলি বুজাও তাইক ?
কি বুলি সান্ত্বনা দিওঁ ?
তাই জানো বুজিব ?
বুজিব , বুজিব লাগিব ।
✍️অনুজ বৰা, ঘিলামৰা, উওৰ লখিমপুৰ (অসম)