ফাগুন মানে পলাশ শিমলুৰ উল্লাহ
উন্মত্ত ফাগুনে মতলীয়া কৰে
ফাগুনীৰ হাজাৰ উদাস ;
অভিমানী ফাগুন নহাকৈ নাথাকিবা।
"তোমাৰ" অহা বাটেৰে সিঁচি দিম এমুঠি জোনাক;
সেউজীয়া দলিছা পাৰি ৰৈ থাকিম তোমালৈ বুলি
আলফুলে বোৱা বিহুৱানখনি
যাঁচিম আদৰেৰে!
লিহিৰি আঙুলিৰ ফাঁকত বাজি উঠাৰ গুমৰাগ ৰাগ আৰু ঐনিতমৰ সুৰৰ তালে তালে
আপোন পাহৰা হৈ নাচিব একেলগে,
চকুৱে চকুৱে পাতিম কিছু কথা
খুদিত হ'ব স্পৰ্শকাতৰ হেঁপাহ;
অভিমানী ফাগুন বাট চাম তোমালৈ নহাকৈ নাথাকিবা।
◼️জয়া বড়ি
ৰজাবাৰী ভকতচাপৰি