বেগম জান খণ্ড-১০~উৎপল মৰাং

©Admin
0
 ভাত খোৱাৰ পাছত আজাদৰ লগত অৰ্পনাৰ মাক দেউতাকে বহুত কথা পাতিলে। কথা পাতি পাতি কেতিয়া সন্ধিয়া হ'ল কোনেও গ'মকে নেপালে। আজাদ আৰু অৰ্পনাৰ প্ৰেম যেন ঘৰৰ মানুহে সন্মতি দিলেও কিছু সমাজৰ মানুহে এই কথাটো সহজে মানি ল'ব নোৱাৰিছিল। অৰ্পনাৰ ঘৰৰ মানুহক  বিভিন্ন কথা কৈছিল , কিন্তু দুয়োঘৰে কথাবোৰ আওকান কৰিলে । ইমান পৰ হোৱাৰ বাবে আজাদ ঘৰলৈ যাবলৈ ওলাল ।

:(দেউতাকৰ আৰ্শীবাদ লৈ) দেউতা যাওঁ ।
: অ যোৱাই নেকি ?
: উমম দেউতা , বহুত দেৰি হ'ল । ঘৰত মা অকলে আছে যে ।
: ঠিক আছে বাবা যোৱা ।
: মা যাওঁ ।
:বাৰু । আকৌ এদিন মাক লৈ আহিবা দেই ।
: উমম ... মা আনিম ।

   আজাদে সকলোকে যাওঁ বুলি কৈ ঘৰলৈ যাবলৈ ওলাল । অৰ্পনাই তাক গেটৰ লৈকে আগবঢ়াই দিলেগৈ ।

: ঐ ছোৱালী যাওঁ ।
: (অৰ্পনাই অলপ দুখ মনে ক'লে) আজিৰ দিনটো যদি শেষেই নহ'ল হেঁতেন ।
: ধেৎ পাগলীজনী । দিনটো যদি দিন হৈ থাকে তেন্তে ৰাতিটোৰ কি হ'ব । ৰাতি আহি তোমাক কেনেকৈ পলোৱাই লৈ যাম ।
:ধেৎ পাগল ! ধেমালি নকৰিবা ।

    দুয়ো হাঁহিলে -

:ঐ যাওঁ ।
:যোৱা যোৱা ।

    বহুত দিন এনেদৰে দুয়ো ক'ৰবাত ফুৰিবলৈ যায় , আজাদ অৰ্পনাৰ ঘৰলৈ আহে । বহুত কথা পাতে । বহুত লগৰে সিহঁত দুটাৰে সম্পৰ্কটো ভাঙিবলৈ বিচাৰিছিল কিন্তু দুয়োটাৰে বিশ্বাস আৰু মৰমৰ বাবে কোনেও একোৱে কৰিব পৰা নাছিল। ভগৱানৰ ষড়যন্ত্ৰইয়ো যেন সিহঁতক বিচ্ছেদ কৰিব পৰা নাছিল । এদিন আজাদে অৰ্পনালৈ তাৰ নতুন নাম্বাৰৰ পৰা ফোন কৰিলে ।

: হেল্ল' , অৰ্পনা হয় নে ?
: হয় । কোনে কৈছে বাৰু ?
: মই কৈছো । কি কৰিছা ?
: কোন মই । আপোনাৰ নাম নাই নেকি ?
: মোৰ নাম নাই অ জান । মোক নাম নিদিলে ।
: ফটোৱামি নকৰিব । আপুনি কোন হয় আৰু কি কামত ফোন কৰিছে সেইটো কওঁক ।
: নকওঁ , এনেকৈয়ে কথা পাতি থাকা না কলিজা ।
: আপুনি অভদ্ৰ নেকি ?

     অৰ্পনাই ফোনটো কাটি দিলে। আজাদে আকৌ কেইবা বাৰু ফোন কৰিলে কিন্তু অৰ্পনাই ৰিচিভ নকৰিলে। উপায় নাপাই আজাদে আগৰ নাম্বাটোৰ পৰা ফোন কৰিলে। ৰিচিভ কৰিয়েই সকলো কথা ক'লে। আজাদে হাঁহিবলৈ ধৰিলে। তেতিয়া অৰ্পনাই তাৰেই নাম্বাৰ বুলি তাক সুধিলে। সি নহয় বুলি কৈছিল , কিন্তু শেষত সি তাৰ নতুন নাম্বাৰ বুলি ক'লে।

: কি কৰি আছা বাইদেউ ?
: স্কুলৰ কাম এটা আছে তাকেই কৰি আছো । আপুনি ?
: মই ছোৱালী এজনিৰ লগত এফালে আহিছো ফুৰিবলৈ । 
: অ খুবেই ভাল কথা। থাকা মোক কিয় কৈছা ।
: নাই তোমাক জনাই দিছো।
: মোক জনাই কি হ'ব। তুমি ছোৱালীৰ লগত গৈছা তাতে মোৰ কি যায় ?
: হয় বাৰু তোমাৰ কি যায়।
: ভালহে তোমালোকৰ বিয়া হ'ব । মোকো মাতিবা দেই।
: মাতিম মাতিম ।
: উমম .....।
: কি উমম ......।
: হ'ব মোৰ কাম আছে । Bye ... তোমালোকে থাকা , তাই বেয়া পাব তোমাক । Bye ....।
: আওওও । তাই জ্বলিছে চোৱা । কোনো ছোৱালীৰ লগত মই নাই। মায়ে তপতে তপতে ভাত এগাল দিলে তাকে খাই বিচনাত পৰি আছো ।
: থাকিবওতো পাৰা । জ্বলিবলগীয়া একো কথা হোৱা নাই। কোন নো তুমি তোমাৰ বাবে যে মই জ্বলিম ।
: কোনো নহয় নেকি ?
: উমম ... নহয় ।
:উমম ... হ'ব তেন্তে ।
: উমম ... হ'ব ।
: Bye ।
: Bye ।

       আজাদে খঙতে ফোনটো কাটি দিলে , আৰু মোবাইলটো চাইলেন্ট কৰি শুই থাকিল । অৰ্পনাই আজাদলৈ ফোনৰ ওপৰি ফোন আৰু মেচেজ দিলে । কিন্তু আজাদে একো গ'মকে নেপালে । পাছদিনা শুই উঠি মোবাইলটো হাতত লৈ দেখে অৰ্পনাৰ এশৰ ওপৰত ফোন আৰু এহেজাৰ ওপৰত মেচেজ । মেচেজত কেৱল চ'ৰি (sorry) বুলিয়েই আছে । আজাদৰ নিজৰেই বেয়া লাগিলে । অৰ্পনালৈ ফোন কৰিলে আৰু তাইক বুজাবলৈ আৰম্ভ কৰিলে ।
       কিছুদিনৰ পাছত আজাদৰ মাকে অৰ্পনাৰ ঘৰলৈ যোৱাৰ কথা ক'লত আজাদে অৰ্পনালৈ ফোন কৰিলে -

: ঐ আজি স্কুল যাব নেলাগে ।
: কিয় ?
: আজি মা আৰু মই তোমালোকৰ ঘৰলৈ যাম । নেযাবা আজি ।
: আজি দেউবাৰ পাগল।
: অ ' খা বাপ্পেক্কে।। মই ইমান পাহৰো নে ?
: পাগলটো । কোৱা কেইটাবজাত আহিবা ।
: যাম এতিয়া অলপ পাছত ।
: সোনকালে আহিবা কিন্তু ।
: উহুঁ নেযাওঁ ।
: সেই পাগলটো । চব সময়তে খালি ধেমালি।
: সঁচাকৈ নেযাওঁ ।
: (অৰ্পনাই অভিমান কৰিলে) হ'ব নেলাগে আহিব । মইনো কোন তোমাৰ । নাহিবা কৈছো নাহিবা ।
: আৰেই .... এইজনী সঁচাকৈ পাগলী । যাম অ জান যাম । তোমাৰ কাষলৈ নাযায় কাৰ কাষলৈ যাম দন্দুৰী ।
: মই মানে দন্দুৰী। অ মই দন্দুৰী , হা মই দন্দুৰী। তুমি আহা আজি।
: উমম ... গৈ আছো তোমাক লৈ আহিবলৈ ।
: উমম ... আহাচোন কেনেকৈ নিয়া চাম মইয়ো।

         অলপ পৰ পাছত মাক আৰু আজাদ গৈ অৰ্পনাৰ ঘৰ পালেগৈ। এখনি সৰু ধুনীয়া ঘৰ দেখি আজাদৰ মাক আচৰিত হৈ পৰিল।সৰু হ'লেও যে ঘৰখনি ইমান ধুনীয়াকৈ সজাই থৈছে ফুলবোৰে। শাৰী শাৰীকৈ ফুলবোৰে যেন জপনাৰ মুখৰ পৰাই আলহীক আদৰণি জনায়। দুয়ো দুৱাৰ মুখত ৰৈ কলিং বেলটো টিপি দিলে। ভিতৰৰ পৰা অৰ্পনাৰ মাকে আহি দুৱাৰখন খুলি দিলে ।

: নমস্কাৰ ।
: নমস্কাৰ , যদি মোৰ ভূল নহয় তেন্তে আপুনি নিশ্চয় আজাদৰ মাক।
: হয় খুড়ী , এয়াই মোৰ ডাৰ্লিং । (মাকে কোৱাৰ আগতেই আজাদে মাত লগালে)
: অঅঅ ...বাইদেউ আহক ভিতৰলৈ আহক।

    ভিতৰলৈ গৈ-

: মা অৰ্পো নাই নেকি ?
: আছে চাগে ৰুমত । যোৱা চোন তুমি ।
: ঠিক আছে তোমালোকে কথা পাতা। মই তাইৰ কাষলৈকে যাওঁ ।

    আজাদে অৰ্পনাৰ ৰুমত সোমাই 
দেখিলে যে অৰ্পনা শুই আছে । আজাদে কাষতে বহি তাইক মাতিলে । নাই তাই গ'মকেই নলয় । আচলতে অৰ্পনা টোপনি যোৱা নাই কেৱল লাজতহে উঠা নাই । তাই উঠা নাই বুলি আজাদে হাতত পানী অলপ লৈ চটিয়াবলৈ ধৰোতেই তাই জাঁপ মাৰি উঠি তাক খেদিলে। দুয়ো তেনেকৈ হাঁহি হাঁহি পাগলৰ দৰে হৈ পৰিল আৰু অজানিতে অৰ্পনা আজাদৰ দুবাহুৰ মাজত সোমাই পৰিল। চকুত চকু পৰিলত আজাদক ঠেলা এটা মাৰি দুষ্ট বুলি কৈ ওলাই গ'ল। তাইৰ পাছে পাছে আজাদো ওলাই গ'ল। ইতিমধ্যে আজাদৰ মাক আৰু অৰ্পনাৰ মাক দেউতাকে সকলো কথা পাতি সিহঁতৰ বিয়াৰ তাৰিখ ঠিক কৰিলে। আজাদে লাজ লাজ কৈ মাত লগালে -

: মা বোৱাৰী পাবা নহয় ন ?

    আজাদৰ কথাষাৰ শুনি সকলোৱে হাঁহিবলৈ ধৰিলে। বিয়া অহা মাহতেই। সমাজে হিন্দু-মুছলমানৰ এক হ'বলৈ নিদিয়া কথাষাৰ যেন ইহঁত দুয়োটাৰ বিয়াই উৰোৱাই নি কৰ'বাত পেলাই থৈ আহিলগৈ। বিয়ালৈ বেছি দিন নাই দুয়োঘৰে বিয়াৰ আয়োজন আৰম্ভ কৰি দিলে। সকলো আত্মীয় , চিনাকী মানুহক ফোন যোগে বা চিঠি পত্ৰ দি নিমন্ত্ৰণ কৰিলে। ইমান সুখৰ মাজতো অৰ্পনাৰ দেউতাকৰ চকুত চকুপানীয়ে ভৰি আছে। নিজৰ ছোৱালীজনীক বিয়া দিলে সুখী হ'ব লাগে কিন্তু তাইৰ যে এটা দুৰাৰোগ্য বেমাৰ আছে তাৰ কথা ভাবি দেউতাকে উচুপি উঠে। বিয়াখনক লৈ বহুতে বু-বু-বা-বা কৰিলে কিন্তু অৱশেষত সিহঁত দুটাৰ বিয়া হ'ল।
             বিয়াৰ প্ৰায় দুটা বছৰৰ পাছত অৰ্পনাই আজাদক ক'লে যে আজাদ বাপেক হ'ব। কথাষাৰ গ'ম পাই দুয়োখন ঘৰৰ আনন্দৰ সীমা নোহোৱা হ'ল। ককাক-আইতাকে কিদৰে নাতিৰ লগত খেলিব সেয়া কল্পনা কৰিয়েই থৈছে। কিছুদিনৰ পাছত অৰ্পনাৰ হঠাৎ পেইন আহিলত আজাদে তাইক হস্পিতাললৈ লৈ গ'ল। কিছুসময়ৰ পাছত ডাক্তৰে খবৰ দিলে যে তাই এটা ল'ৰা সন্তান জন্ম দিলে। আনন্দই যেন আকাশ চুইচেগৈ দুয়োখন ঘৰৰ । প্ৰায় এসপ্তাহৰ পাছত সকলো ফৰ্মেলিটি কৰি তাইক ঘৰলৈ লৈ গ'ল। বহুত কল্পনা , সপোন আজাদৰ সন্তান আৰু অৰ্পনাক লৈ। কিন্তু সেই আনন্দ বেছি দিন নাথাকিল। ল'ৰাটো ডাঙৰ হ'বলৈ ধৰিলে , প্ৰায় দুবছৰ। এদিন অৰ্পনাই মূৰটো ঘূৰাইছে বুলি কৈ বিছনাত পৰিলে। বহুত পৰ তাই সাৰ নোপোৱাত আজাদে তাইৰ কাষলৈ গৈ এটা বেদনাদায়ক চিঞৰ মাৰিলে , ঘৰৰ মানুহ আৰু ওচৰ-চুবুৰীয়া সকলোৱে গোট খালে। কোনোবাই ক'লে অৰ্পনা আৰু নাই। মাক দেউতাক আহি পালেহি। সকলোৱে কান্দিলে। আজাদ যেন এটা জীয়া মৃতদেহ হৈ পৰিলে। নিজৰ পত্নীৰ মৃত্যুক মানিব নোৱাৰি সি যেন মানসিক চাপত ভোগাৰ দৰে হ'ল। কেতিয়াবা কেতিয়াবা সি কাগজ কলম লৈ কিবা লিখে। কিন্তু কি লিখে কোনেও গ'ম নাপায়।

      কেতিয়াবা চকীত বহি বহি টেবুলৰ আগত আঁৰি থোৱা অৰ্পনাৰ ফটোখনকে একেৰাহে চাই থাকে।কেতিয়াবা বহীত কিবা লিখে। এদিন হঠাৎ চকীৰ পৰা কিবা পৰাৰ শব্দ শুনি মাকে দৌৰি আহি দেখে আজাদ চকীৰ পৰা পৰিলে।উঠাই দিবলৈ আহি দেখে হাতত এখন ডায়েৰী , তাত আধা লিখা 'ন' টোৰ সৈতে লিখা আছে "মোৰ মৃত্যু হ'ল বেগম-জান" ।।

                      সমাপ্ত🙏🏻
            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)