তোমাৰ অনুৰোধত-ৱাহিদ আহমেদ

©Admin
0
হেই কিয় ইমান চিন্তা কৰি আছা?
মইতো ঠিকেই আছো, 
বেছিকৈ ভাবিবলৈ বাদ দিয়া 
এনেই কিয় নিজকে কষ্ট দি আছা 
অলপ বেয়া লাগিবই দিয়াচোন! 
নোখোৱাকৈ বহি থাকিলে কি হ'ব 
মে’ মাহৰ তাৰিখটো মনত থ'বা...।
 
মই বৰ আগ্ৰহেৰে বাট চাই আছোঁ 
তুমি যিদিনাই মোলৈ খবৰটো দিবা 
মোৰ বাকী থকা মৰমবোৰে
দূৰৈৰ পৰাই সাৱটি ল'ব। 
তুমি হাঁহিবা, স্ফূৰ্তি কৰিবা 
তোমাৰ হাঁহিৰ এটি এটি স্নেপস্বট
সজাই ৰাখিম মোৰ কলিজাৰ ভিতৰত। 

ৰাতিপুৱা উঠি আইনাখন চালে
মোৰেই প্ৰতিবিম্ব দেখা
আকৌ কিয় মনটো সেমেকাই ৰাখা! 
নকৰিবাচোন বেয়া কামনাবোৰ
চেলফোনৰ ৱালপেপাৰত দেখোন
মই তোমাকেই চাই থাকোঁ 
আকৌ চকুবোৰ চলচলীয়া নকৰিবা।


মই বৰ মৰমেৰে তোমাক লৈ ফুৰিছো, 
কেতিয়াবা অলপ নিজান নিজান লগা 
সেউজীয়া ঘাঁহনিত বহি ,
সাগৰৰ নীলা ঢৌ বোৰ চাই চাই 
চিলমিল টোপনিত মোৰ বুকুত 
বিচাৰি পাওঁ তোমাৰ মৰমৰ ওঁঠখন...
সন্ধিয়া কৰ্ণিছৰ পৰা উভতি আহি
হঠাতে সপোনত আহিছিলা তুমি
তোমাৰ চকুত আছিল বুজাব নোৱাৰা 
কিছুমান মূহুৰ্ত...
গালখন চুই দিওঁতে হাতৰ পৰশত 
তুমি শুই গৈছিলা 
মোহাৰি দিছিলোঁ তোমাৰ চুলিবোৰ
তোমাৰ শৰীৰত আছিল
“ডিঅৰ মিছ ডিঅৰ” পাৰ্ফিউম
বিমুগ্ধ হিয়াত সাৰ পাইছিল 
জীৱনৰ মধুৰ ভাৱনাবোৰে 

তুমি ৰাতি সাৰ পাই নাথাকিবা দেই
নিশাবোৰে আমনি কৰিব 
দিনবোৰ কেতিয়া যাবগৈ 
গমেই নাপাবা,
তোমাক 'মা' বুলি মতা শব্দটো 
তোমাৰ কাণত পৰাৰ দিনাই 
নতুন প্ৰভাতে মাতিব..
জগতৰ চাৰিওফালে 
নতুন দিগন্তই মুখৰিত কৰিব ৷


                    ✍🏻ৱাহিদ আহমেদ 
                           কাটাৰ,ডোহা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)