প্ৰাপ্তি - অপ্ৰাপ্তি | প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0
ককাহঁতে ঘৰবোৰৰ মাজত
জেওৰা দিছিল,
গৰু ছাগলী সোমাব পৰা নাছিল যদিওঁ
মানুহ আহিব পৰাকৈ বাট ৰাখিছিল৷
দেউতাহঁতে উৱলি যোৱা জেওৰা
আৰু নঙলা আঁতৰাই পকী বেৰ দিছিল,
মানুহ আদৰিবলৈ মনবোৰ ডাঙৰ আছিল যদিও
মানুহ অহা কমি আহিছিল,
পকী চৌহদ আৰু কলিংবেলে
হয়তো হৃদয়ৰ ব্যৱধান আনিছিল৷
আমি দেউতাহঁতে এৰি যোৱা
বেৰবোৰৰ মাজতে আছোঁ,
কিন্তু!!
গম নোপোৱাকৈয়ে হয়তো সাজি লৈছো
সুউচ্চ বেৰ মনবোৰৰ চাৰিওকাষে।
তাত প্ৰৱেশৰ অনুমতি নাই আনৰ,
আমি নিজৰ দুনীয়াত ব্যস্ত
জীৱন অকলে যাপন কৰাত অভ্যস্ত...

       
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)