কণ্ট্ৰল | ব্যঙ্গ গল্প

Rinku Rajowar
0
“এক্সেলেটৰ পকাই ভূঁ- ভূঁৱাই বাইক স্কুটীত উঠি,লৈ যাব পৰাকেই চলাব জনা বুলি নকয়। চলালে ইঞ্জিন নিজে নিজে চলে। আচল কথা হ'ল কণ্ট্ৰ’ল ! বুজিছ কণ্ট্ৰ'ল! তহঁতক ডিটিঅʼই কি চাই লাইচেঞ্চ দিলে সি হে জানে।” আন দিনে পুতেক জীয়েকক একো ক'বলৈ সাহস নকৰা প্ৰদীপ বৰাই আজি সুবিধাটো পাই এক লম্বা লেকচাৰ পিটি দিলে।  বেটা-বেটিৰ আব্দাৰ বোৰ পূৰণ কৰি গোটেই জীৱন-জীৱিকাৰ পিছত দৌৰি ফুৰি নিজৰ পৰিচয় পৰ্য্যন্ত পাহৰি যোৱা, পত্নী সহিতে পুত্ৰ-কণ্যাই আজি কালি মানুহ বুলিয়েই গন্য নকৰা, অপদাৰ্থটোৰ আজি ফটা লেকচাৰ শুনিও পুত্ৰ পৰিবাৰ কণ্যা কোনো এটাৰ পৰাও মুখে-মুখে মুখ সোপা দিয়া উত্তৰ বা গৰ-গৰণী নাইবা কোনো একচন, ৰি-একচন নহা দেখি সাহস পাই, আকৌ আৰম্ভ কৰি দিলে-“  তিৰিছ বছৰ বুইছ ! তিৰিছ বছৰ হ'ল, তহঁতে হেলিকপ্তাৰ বুলি কোৱা এইখন স্কুটাৰ চলোৱা তিৰিছ বছৰ হ'ল। পচিছ শ টকা দি চেকেণ্ড হেণ্ড কিনিছিলোঁ। এতিয়াও ফিনফিনীয়া হৈ আছে।এক কিকত ষ্টাৰ্ট।  কণ্ট্ৰ'লত চলাওঁ, চলি আছে। আজিলৈকে! আজিলৈকে কোনোদিনে ক'ৰবাত খুন্দা এটা মাৰিছোঁ বুলি কোনোবাই ক'ব পাৰিব নে ? শুনিছিলিনে ? দেখিছিলি নে মেটৰে মৰাগৰু পেলাবলৈ নিয়াদি ঠেলাত ভৰাই লৈ অনা?  নিজৰ কষ্টৰ ধনেৰে কিনিছোঁ ,মৰম কৰি ৰাখিছোঁ , নিয়ম মতে চলাইছোঁ; চলি আছে। পৰৰ ধনেৰে কিনা ,ফকতত পোৱা বস্তুৰ কি মূল বুজিবি ?”
      লিজাই হায়াৰ চেকেণ্ডেৰী ভালকৈ পাছ কৰাৰ বাবে চৰকাৰৰ ঘৰৰ পৰা স্কুটী এখন পাইছিল। দাদাক ৰমেনে শিকি লৈ প্ৰায়ে চলাই ফুৰিছিল। এদিন তেনেকৈ গৈ টেম্পু এখনত মাৰি স্কুটীৰ লাইট ভঙাৰ লগতে  ছাল বাকলি এৰুৱাই  আনিলে। লিজাই কান্দি কাটি হাল্লা লগোৱাৰ লগতে স্কুটীত হাত নলগাবলৈ ৰমেনক লাষ্ট ওৱাৰ্ণিং দি দিছিল। অৱশ্যে তাইয়ো যে কোনো দিনে কʼতো লগাই অনা নাছিল তেনে নহয় ,সদায় কিন্তু পগলা টেম্পু, কণা ৰিক্সাৱালা,  ঘপককৈ আগত ওলোৱা মদাহীৰ নিচিনা অন্ধ, চকু কেইটা হাতত লৈ চলোৱা কাণীয়া চাইকেলৱালা নাইবা কাছ খোজত যোৱা খাবলৈ নোপোৱা বেমাৰী বোৰৰেই ভুল আছিল। হওঁতে ৰমেনেও ষ্টাৰ লৈ পাছ কৰাৰ বাবে লেপটপ এটা পাইছিল, কিন্তু আজি কালি লেপটপ এটাতকৈ বাইক এখনহে বেছি দৰকাৰী। কথা ৰাখি স্কুটীত হাত নলগাই, মাকক খাতি খাতি দেউতাকৰ পৰা কিছু টকা আদায় কৰি ইনষ্টলমেণ্টত এখন নতুন বাইক কিনিছিল।
     সেইদিনা আছিল আপদীয়া শণি-লগা কণা শুকুৰবাৰ। ঘৰৰপৰা উলাওঁতেই দৌৰি অহা, বাঘৰ আগ তেল খোৱা, শগুনে নোখোৱা তেলফটা গৰু এটা আগত পৰাত, খুন্দামাৰি পথৰ এফালে লিজা আৰু আনফালে স্কুটীখন চিটিকি পৰিছিল ।তাইৰ হাতৰ হাড় ভগাৰ লগতে স্কুটীখনৰো মূৰা ভাঙি চেপেটা লাগিল। হস্পিটেলৰ পৰা হাতে ভৰিয়ে বেন্দেজ লগাই আনি লিজাক ঘৰত থৈ তাইলৈ চাই বেঁকা হাঁহি এটা মাৰি ৰমেন এপাক ওলাই গৈছিল। ঢলং-ঢপংকৈ অগা দেওৱা কৰি গেলা মদাহীৰ দৰে গৈ থকা ৰিক্সাৱালা এটাক বচাবলৈ গৈ ট্ৰেভেলাৰ খনৰ আগত পৰি কায়দাকৈ ছেভ হৈছিল কিন্তু কুত্তা হতেঁ ৰুবলৈ জেগা নোপোৱা ,বাটৰ কাষৰ গছ এডালত মাৰি বাইকৰ আগচকা চেপেতা লাগি মূৰিয়া ভাগিল। মানুহটো চিটিকি আঁতৰত পৰিলগৈ যদিও একো নহ'ল।থেলাত উঠি বাইকৰ গৃহ প্ৰৱেশ দেখি আজি বৰাৰ সাহস বাঢ়ি মুখৰ তলাটো আনলক হৈ গৈছিল।
************
     আগবেলাতে চুলি কটাবলৈ যোৱা মানুহটো কাল সন্ধিয়ালৈকে ঘৰ নোপোৱা দেখি চিন্তা হ'ল।ফোনটোও নিয়া নাই।ঘৰতে আছে। তেনে হʼলে ‘ মানুহ ডাল  কাৰ লগত ক'ত সোমাই আছেগৈ??’ খঙে ৰাগে বৰানীয়ে লগৰ কেইজনক ফোন কৰিলে। কোনেও একো গম নেপায়। শেষত পুলিচক জনাবলৈ ৰমেন থানা পালেগৈ। 
      “অ! এয়া কি ,এইখন চোন আমাৰ বুঢ়াৰ হেলিকেপ্টাৰ ! সৰ্বনাশ! এইখনৰো চোন আগচকা চেপেতা আৰু মূৰীয়া ভঙা ,তেনেহলে ? বুঢ়া....... কৃষ্ণ কৃষ্ণ!!”
     পুলিচ এজনে ক'লে  আগফালৰ পৰা কেটিএমে আৰু পিছফালৰ পৰা বুলেটে মাৰিছিল। মানুহজনৰ লাক ভাল আছিল। বাচি গ'ল। বেছি একো হোৱা নাই। চিভিলত আছে। ৰমেনে বুঢ়াক ক'বলৈ মন গ'ল- কণ্ট্ৰলেই আজি কালি সকলো নহয়। লাকৰো কথা আছে।

⏺️দেৱ দাস।
তেজপুৰ
দূৰভাষ নং ৯৪৩৫৩৮০৯২৬


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)