বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা: সৰস্বতী

Rinku Rajowar
0

বিদ্যাই পৰম ধন। সৰস্বতী হ'ল বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী। প্ৰচলিত ধৰ্মীয় বিশ্বাস অনুসৰি মা সৰস্বতীক, বীণাপাণি বুলিও খ্যাত। বিদ্যা দেৱীক বিশেষকৈ শিক্ষক-শিক্ষাৰ্থী সকলৰ একান্ত প্ৰচেষ্টাত প্ৰতি বছৰে মাঘ মাহৰ পঞ্চমী তিথিত পূজা-অর্চনাৰ বাবে স্কুল, কলেজত এই উৎসৱ পালন কৰা হয়। জ্ঞান দাতা মা সৰস্বতী পূজাৰ বিশেষত্ব অতুলনীয়। মাংগলিক ৰীতি-নীতিৰে এই পূজা ভাগ পালন কৰা দেখা যায় শিক্ষাৰ্থী সকলৰ মাজত। উল্লেখ্য ভাৱে, বিদ্যাই মানুহৰ মনৰ কু-সংস্কাৰ দূৰ কৰে, তদ্ৰুপ জ্ঞানে তাক পৱিত্ৰ কৰে। যাৰ প্ৰভাৱ আমাৰ ব্যক্তিগত জীৱনত সকলোৰে বাবেই অত্যন্তই গুৰুত্বপূৰ্ণ। শিক্ষা,জ্ঞান,বিশ্বাস মানৱ জীৱনত একোটি আনটোৰ পৰিপূৰক। বিদ্যাই মানুহক সৰল অমায়িক ব্যক্তিধাৰী হ'বলৈ শিকাই। যাৰ বাবে সৰস্বতী পূজাৰ এটা সুকীয়া বৈশিষ্ট্য আছে। ইয়াৰ প্ৰধানতঃ কাৰণটো হ'ল অধ্যয়নক তপস্যাৰূপে গ্রহণ কৰা। অৰ্থাৎ ''ছাত্ৰা নং অধ্যয়ণই তপ" ছাত্ৰ-ছাত্ৰীসকলৰ বাবেই এক বিশিষ্ট উৎসৱ বিদ্যায়তনিক দিশত অতিকে অনবদ্য। এই উৎসৱে ছাত্ৰ-ছাত্ৰীৰ মনত পৱিত্ৰতাৰ ধাৰণা আৰোপ কৰি অধ্যয়নৰ প্রতি অধিক মনোনিৱেশ কৰাত তেওঁলোকক উদগনি যোগাব পাৰে। লগতে ইয়াৰ যোগেদি সাহিত্য,কলা,সংগীত,শিল্পকলা বিষয়ক বিদ্যা অধিষ্ঠাত্ৰী দেৱীক প্রতীক ৰূপে গ্রহণ কৰিব পৰা যায়। সেইবাবেই কবি,সাহিত্যিক,চিত্ৰকৰ,গীতিকাৰ,গায়ক,শিক্ষক-শিক্ষয়িত্রী,ছাত্র-ছাত্ৰী সকলোৱে ভক্তি আৰু শ্ৰদ্ধাৰে সৰস্বতীৰ বন্দনা কৰে। 
সাম্প্রতিক সময়ত সৰস্বতী পূজা এক সৌন্দৰ্য্যৰ আলোড়ন জগত খনলৈ ঢাপলি মেলিছে, যিটো মই ভুল কোৱা নহ'ব? যান্ত্রিকতা যুগত আটক ধুনীয়া সু-সজ্জিত ফেছনৰ দুনিয়াত শিক্ষাৰ্থী সকলে বশৱৰ্তী হোৱা পৰিলক্ষিত হৈছে। আজিৰ প্ৰজন্মই যেন বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ বিশেষত্ব যেন ম্লান পেলাবলৈ লৈছে। যাক অপসংস্কৃতিৰ দিশে ধাৱমান হোৱাটো নুই কৰিব নোৱাৰি। এইক্ষেত্ৰত প্ৰতিগৰাকী অভিভাৱক, শিক্ষক, শিক্ষাৰ্থী সজাগ আৰু সচেতন হোৱাটো অত্যন্তই প্ৰয়োজনীয়। 

✍️চিন্ময় ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)