ঈপ্সা~গল্প-সুশান্ত দাস

©Admin
0
নিঃসংগতাত ভুগা জিষ্ণুৰ মনে আজি-কালি কাৰো লগত মাত বোল নকৰা হৈছে। জ্ঞানৰ পূজাৰী কাশ্যপে তাক দিব বিচাৰে সান্ত্বনা,কিন্তু সি অকলে বহি এই ভাল পায়;কোনো সংগ নিবিচাৰে।। নীসংগতাৰ কাৰণ আছিল প্ৰেমত ব্যৰ্থতা। যাৰ বাবে হয়তো সি ইমান ভাগি পৰিছিল যে মৃত্যু নোহোৱাকৈয়ে তাৰ মৃত্যু হৈছিল। সি একো ভালকৈ নোখোৱা হৈছিল আৰু মাক দেউতাক দুয়োজনৰ লগত একো সম্বন্ধ নৰখাকৈয়ে যেন আছে তেনেকুৱা আচৰণ কৰিছিল। সি ব্যৰ্থতাৰ বেদনাৰ পৰা মুক্তি পোৱা নাছিল বাবে মাদক দ্ৰব্য,চিগাৰেট ইত্যাদিৰোঁ সেৱন কৰিব লৈছিল। সি একেবাৰে ভাগি পৰিছিল। এদিন তাৰ গাঁৱৰে লৰা দুটামানে তাৰ কি হ'ল বুলি তাক সুধিলে কিন্তু সি একো উত্তৰ নিদিলে আৰু মনে মনে আঁতৰি গ'ল। তাৰ পাছত বন্ধু কাশ্যপক লগ পাই সেই লৰা দুজনে সুধিলত সমস্ত কাহিনী বিৱৰি ক'লে। সি ভাল পোৱা ছোৱালী জনীৰ নাম আছিল আস্থা। আস্থা তাৰ সহপাঠী আছিল। সি তাইক লগ পোৱাৰে পৰা ভাল পাব ধৰিছিল। কিন্তু তাই তাক ভাল পোৱাৰ ভাণ্ডনাহে কৰিছিল। এইবোৰ কথা তাৰ একেবাৰেই জ্ঞাত নাছিল। এদিন সি তাইক এটা বেলেগ লৰাৰ লগত দেখি হৃদয়ত কষ্ট পালে আৰু দুদিন মানৰ পাছত তাইক সুধিলে “আস্থা তোমাক মই কি দিব নোৱাৰিলোঁ যে তুমি মোক এৰি আনৰ লগত!.....” মনে মনে আস্থাই গম পালে যে সি তাইৰ সকলো কথা গম পালে।তাই ক'লে,“মই তোমাক ভাল পোৱা নাছিলো,ৰোহনকহে ভাল পাইছিলোঁ,এতিয়া তুমি মোৰ জীৱনত সোমাব নিবিচাৰিবা,মোৰ হৃদয়ত তোমাৰ বাবে কোনো স্থান নাই।” সি মনত বহুত কষ্ট পালে তাইৰ কটু বাক্য শুনি। সি গুচি আহিল আৰু ভাবিব ধৰিলে সি প্ৰেমত ব্যৰ্থতাক আদৰিলে । সি তেতিয়াৰ পৰাই মনটো সলাই পেলালে আৰু কাকো নমতা হ'ল। চিগাৰেট খোৱাটো তাৰ আসক্তি হৈ পৰিল। অশ্ৰুসিক্ত নয়নেৰে মাদক দ্ৰব্যৰ সেৱন কৰিব ধৰিলে। কাশ্যপে তাক সান্ত্বনা দিয়ে যদিও সি গুৰুত্ব নিদিয়ে। আচলতে সি সকলো যেন ত্যাগ কৰিলে! প্ৰেম তাৰ ঈপ্সা আছিল যি পূৰণ নহ'ল কেতিয়াও। ঈপ্সাই সমাজক এনেদৰে আৱৰিছে যে জৰীৰে বান্ধিছে। অভীপ্সাবোৰ যেন ইমান বাঢ়িব ধৰিছে যে তাক কোনেও নিয়ন্ত্ৰণ কৰিব পৰা নাই। ঈপ্সা হৈ পৰিছে নিয়ন্ত্ৰণাধীন! তাৰ ঈপ্সাবোৰ মাথোঁ ঈপ্সাই হৈ ৰৈছিল। নিশাৰ অনুভৱ আছিল নিষ্প্ৰভ। আশাৰ কিৰণ নাছিল তাত জিষ্ণুৰ বাবে। লাহে লাহে দিন বাগৰি গ'ল সিও ডাঙৰ হৈ আহিল। সি আগতকৈ অলপ সলনি হ'ল, সি সকলোৰে লগত অলপ কথা বাৰ্তা পাতিব ল'লে। মাক দেউতাকক সময় দিব ল'লে। পঢ়াত ভাল হৈ আহিল। মাদক দ্ৰব্য,চিগাৰেট আদি বৰ্জন কৰিলে আৰু আনক বুজি পালে। এইয়া নাছিল মাথোঁ এক পৰিৱৰ্তন;এইয়া আছিল ঈপ্সাৰ অৱসান! তাৰ এই পৰিৱৰ্তন অহাত ভূমিকা আছিল তাৰ বন্ধু কাশ্যপৰ,কিন্তু সি তাক আগতে গুৰুত্ব দিয়া নাছিল। যেতিয়া কাশ্যপে তাক জীৱনৰ ভ্ৰাম্যমানতা আৰু প্ৰেমৰ যমৰ যাতনাৰ কথা ক'লে সি লাহে লাহে সলনি হৈ আহিল। বন্ধুয়েই পৰম সংগ,মা দেউতাৰ পাছত। কাশ্যপেও এক ভাল বন্ধুৰ ভূমিকা সুন্দৰ ৰূপে পালন কৰিলে। জিষ্ণুৱে বুজি উঠিল “ জীৱনত জীয়াৰ আনন্দ ল'ব লাগে,ঈপ্সাৰ ওপৰত জীয়াব নালাগে;ঈপ্সাই মানুহক অমানুহ কৰে,জীৱনৰ আনন্দ ম্লান কৰে।

✍️সুশান্ত দাস
 শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)