তোমাৰ মন গহ্বৰত
মোৰেই ছবি অংকিত আছে।
ধুমুহা বৰষুণত অপ্ৰত্যাশিতভাৱে
মোৰ সঁহাৰিলৈ
অধীৰ আগ্ৰহেৰে বাট চাই থকা
ইমূৰ-সিমূৰ চকু ফুৰাই।
ৰাতি জোনাকী পৰুৱাৰ মাজত
মোৰেই খোজৰ চিহ্ন বিচাৰি ফুৰা,
গৰৈ শ'ল মাছৰ পোনাৰ মাজত
মোকেই ৰখীয়া হিচাপে বিচাৰি
ৰাতিৰ এন্ধাৰত মোৰেই কাষত
থাকিবলৈ বিচাৰা।
তুমিও অনুভৱ কৰা..
মোৰ মৰমবোৰ এতিয়াও এটি পুৰণি পেৰাৰ ভিতৰতেই
আৱদ্ধ হৈ আছে।
তুমি পোখৰাজ পোছাক পিন্ধি
আবেলি যেতিয়া প্ৰায়ে গৈছিলা
মোৰ ঘৰৰ আগেৰে,
আজিও সেই দৃশ্যই
চটফটাই
হৃদয়ৰ অণুৱে অণুৱে।
দুখ কষ্টৰ কঠিন পথেৰে আগুৱাই যোৱা হেঁপাহবোৰ
কাৰোবাৰ কৌশলী কূ-মন্ত্ৰণই
নিষ্ঠুৰভাৱে আঁজুৰি নি
সমূলে নষ্ট কৰে। মইয়ো বান্ধ খুলি
আগুৱাই যাওঁ,
টানকৈ মুঠি মৰা অলিখিত ইচ্ছাবোৰে
বসন্তৰ প্ৰাণ পাবলৈ।
✍🏻চবিন চন্দ্ৰ নাথ
মৈৰাপুৰ,ৰাণী, কামৰূপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ