জুই | জিতুমণি দাস

©Admin
0
গধূলি পঢ়া টেবুলৰ ওচৰত বহি জয়াই কিবা এটা দীঘল চকলেট্ খাই থকা দেখি মাকে তাইক প্ৰশ্ন কৰিলে ৷ মাকৰ প্ৰশ্নৰ একো উত্তৰ দিব নোৱাৰি তাই ভয়ত পেপুৱা লাগিল ৷ মাকে বৰকৈ সোধাত জয়াই ক’লে - "চকলেটতো মোক বিকিয়ে দিছিল ৷" মাকৰ আৰু বুজিবলৈ বাকী নাথাকিল কাৰণ আজি ৯ ফেব্ৰুৱাৰী “চকলেট ডে” ৷
       মাকে কিছুসময় নীৰৱে থাকি তাইক ক’লে -“ঐ , তাৰ বাপেকে যৌৱনাৱস্থাত জ্বলোৱা সেই জুইকুৰা আজিও মোৰ দেহত দপ্ দপকৈ জ্বলি আছে ৷ তই ঘী নাঢালিবি আই ৷"

✍️জিতু মণি দাস
বৰপতিমা ( মিৰ্জা )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)