অনুভৱ মাথোঁ ফাগুনৰ | মেঘালী বৰুৱা

©Admin
0
প্ৰকৃতি অপৰূপা , প্ৰকৃতি বিনন্দীয়া । সেয়ে ঋতুৱে ঋতুৱে প্ৰকৃতিয়ে ন-সাজ সলায় । এয়া ফাগুনৰ বতৰ । ফাগুন মানেইটো উন্মনা মনৰ পছোৱাৰ সুহুৰি । ফাগুনত পলাশ মদাৰে আকাশত ৰং সানে , শুকান পাতে ধূলিয়ৰি বাট পথত অহা-যোৱা কৰে । এই ধূলি বোৰে উৰুৱাই নিয়া বাউলি বতাহ জাকে মাজে মাজে আমনি দিলেও হৃদয়ৰ নিভৃত কোণত দি যায় এক মিঠা শিহৰণ । কুঁৱলীৰ পাতল আভৰণ ফালি শীতক খেদিব খোজা এটি নিষ্পাপ মন লৈ ফাগুনে ভূমুকি মাৰে , লগত লৈ আহে পছোৱা । পছোৱাই যেন বসন্তক আদৰে । শুকান পাতবোৰ সৰি নঙঠা হোৱা গছবোৰে যেন বসন্তই পিন্ধাব খোজা ন-সাজলৈ অপেক্ষাৰত হৈ থাকে । সঁচাকৈ ফাগুনৰ পছোৱাই দেহ-মন নচুৱাই যায় । উন্মনা হয় ডেকা গাভৰুৰ ৰঙীণ মন । ফাগুনে কঢ়িয়াই আনে আশাৰ বতৰা । মনলৈ সঞ্চাৰ কৰে প্ৰেমৰ এক স্বপ্নীল ভাবনা । যি ফাগুনত লুকাই থাকে সম্ভাৱনাৰ বীজ । উতলা ফাগুনক জানো কোনোবাই বাধা দিব পাৰে । যৌৱনা গাভৰুৰ আঁচল উৰুৱাই আউলি-বাউলি কৰে মেঘালী চুলি । ধূসৰ পথৰ ধূলি বোৰ সৰা পাতে চোঁচৰাই লৈ গৈ মানুহৰ গালে মুখে আচাৰ খুৱাই তথাপি যেন ফাগুনক কোনেও বেয়া নাপায় । কাৰণ ফাগুন তেনেকুৱাই । বুকুৰ নীলাভ বৃন্দাবনত মায়া সানে ফাগুনে । ভাগৰুৱা হৃদয়ৰ পেণ্ডুলামত বাজি উঠে ৰুণজুণ ধ্বনি । এই ফাগুনৰ ৰূপত ক্ষণিকৰ বাবে হ'লেও সকলো মুগ্ধ হৈ পৰে । চলনাময়ী প্ৰকৃতিয়ে ফাগুনক বলীয়া কৰি পেলায়। পলাশ শিমলুৰ সৌন্দৰ্য্যই জীৱনৰ ৰং সলায় । এয়াই ফাগুনৰ নিজস্বতা । সঁচাই ফাগুন নান্দনিক মৰহি যাব খোজা মনবোৰ জাগ্ৰত কৰা যেন এটা শিহৰণ মাথোঁ ফাগুন ।

✍️মেঘালী বৰুৱা
হাজৰিকাপাৰা,দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)