ধনী হ'ব বিচৰা মানুহজন | নীল প্ৰজাপতি

আজি কালি মানুহজন বৰ প্ৰেক্টিকেল । বৰ গভীৰ চিন্তা-চৰ্চা কৰা মানুহ আজিকালি চকু মেলিলেই পোৱা । বৰুৱা মানুহজনো তাৰে এজন । নিজৰ ডাল-দৰিদ্ৰ অৱস্থাৰ পৰা আজিৰ চৰকাৰী চাকৰিৰ বৰ্তমানলৈ পোৱা কষ্টৰ ফচল টকাকেইটা থাউকতে হেৰাব নিদিয়া বিধৰ । বেয়া কথা নহয় কিন্তু , এইকেইদিন বিশেষকৈ বিয়াৰ বয়স পাৰ হওঁ হওঁ । সেয়ে বহুত চিন্তা । ঘৰ-দুৱাৰ সংসাৰ পতা সকলো জপাই বনমালী হৈ ধনী হোৱাৰ চিন্তাটো সহচৰী হৈ পৰিছে ।

           নকৈহে নোৱাৰি নে । সিদিনা সোমবাৰে পুৱাই ঘৰৰ পৰা কৰ্মস্থলীলৈ বিদায় লোৱা দৌৰা দৌৰি মুহূৰ্ততে এৰি থৈ আহিল নহয় মূৰ আঁচোৰা ফণীখন । কৰ্মস্থলীৰ ভাড়াঘৰলৈ আহি পাছদিনা কৰ্তব্যলৈ বুলি ওলাওঁতেহে ওলাল উৰহীৰ ওৰ । কি কৰা যায় ! সেই তাকৰীয়া সময়ত মাৰগুলী , নিজ হাত বোলে জগন্নাথ । কিন্তু বৰুৱাৰ মগজুত কথাটো পাক-ঘূৰণি মাৰি থাকিল । হওঁতে ২৫-৩০ টকাৰ কথা । তাৰ পাছদিনা চিলাৰায় দিৱস । অফিচ বন্ধ । পুৱাই উঠি কামফেৰা কৰি দিলে নহয় । মানে বৰুৱাই সমাধান পাই গ'ল নহয় । হওঁতে বৰুৱাৰ বুকৰ কোনোবাখিনিত বিষ অনুভৱ হৈছিল যদিও সেই জনাই কষ্ট কৰিহে লৈছে ভাবি মনৰ সন্তাপ মনতে বান্ধিলে । ঘৰতে কাটিব নোৱাৰা দীঘল চুলিখিনি কটায় আহিল ৫০ টকাত । তথাপিও নিজৰে লাভ দিয়কচোন । দীঘল দীঘল খোজেৰে ধনী মানুহ হোৱাৰ সপোন গণি এইবাৰ বৰুৱা ভাড়াঘৰলৈ বুলি আগবাঢ়িল ।


✍️ নীল প্ৰজাপতি
জাগীৰোড

1 Comments

Previous Post Next Post