যাদুকৰী অস্ত্ৰ | সীতা দেৱী

©Admin
0
প্ৰেমৰ কবিতা ,
মুকুতা মণিৰ জিলমিল ।
সেউজীয়া হৃদয় ,
কুমলীয়া কুঁহিপাত ।
স্নেহৰ মজবুত বান্ধোন ,
প্ৰেমৰ মন্দাকিনী ।
এপাহ ৰঙা গোলাপ ,
এটি নতুন মিঠা কবিতা ।
আজি প্ৰেমৰ দিন ,
প্ৰেমৰ কবিতা ।
হেঁপাহৰ নিভাঁজ এনাজৰী ,
পৃথিৱীৰ দৰে সঁচা মৰম ।
নিষ্পাপ শিশুৰ দৰে ,
অটুট হাবিয়াস ।
অনুভৱৰ জ্যোতিষ্মান মাধুৰ্য্য
প্ৰেমৰ শ্বাশ্বত সৌন্দৰ্য ।
প্ৰেমৰ দিনটোত , প্ৰেমৰ কবিতা হওক
জীৱনৰ আমোঘ মন্ত্ৰ ,
আশ্বাসৰ যাদুকৰী অস্ত্ৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)