কবিতাৰ সভালৈ | অনন্ত কুমাৰ ভূঞা

©Admin
0
কবিতাৰ সভালৈ 
কিয় নামাতিলা মোক ?
কবিতা এটা লিখিছিলোঁ‌
এই ধুনীয়া প্ৰভাতত 
গাবলৈ  কবিতাৰ সভাত ।
সভা শুৱনি নহয় বাবে
সভালৈ নামাতিলা মোক
কবিতা গাব নাজানো বাবে
নামাতিলা মোক ।
জানানে ? 
কালিদাসো পণ্ডিত নাছিল
বাল্মীকি ৰত্নাকৰ হে আছিল ।
জানানে ? মই কেতুৰি কবি
এটা কোৱাভাতুৰি 
বাহিৰত ৰং সানিছোঁ‌
ভিতৰ খন আন্ধাৰ যেন ক'লা ।
আজি কবিতাৰ সভালৈ 
ইচ্ছাৰে ওলালোঁ‌ 
কবিতা শুনিম সুবিধা পালে
মই লিখা কবিতা পঢ়িম । 
সভাত আখৈ ফুটাদি ফুটিছে 
শব্দ কবিতাৰ
মিচিকিয়া হাঁ‌হি বাগৰিছে  
দুখনি ওঠত
দলদোপ হেন্দোলদোপ 
কবিতাৰ সভা 
শেষ হ'ল এটা সময়ত ।
গোট খোৱা কবি বোৰ 
ঘৰাঘৰি গ'ল 
কেতুৰি কবি এচুকত বহি ৰ'ল।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)