ইয়াতেই খোল খাই
সৌভাগ্যৰ দুৱাৰ ।
জগত পোহৰাবলৈ
ইয়াতেই সুৰুয উদয় হয়
অথচ ইয়াতেই আমাৰ
ইমান বিষাদ বিলাপ ।
তুমি হাঁহি থাকিবাচোন
বাহিৰে তোমাৰ দুনয়নত
মুকুতা জিলিকে
তেতিয়া যেন
গোটেই আকাশখনেই
ভীৰ কৰেহি তোমাৰ দুচকুত ।
তুমি যেন হাউলি পৰা
গগণৰ পৰা ধৰিত্ৰীলৈ ।
সাঁকো হ'ব নোৱাৰানে তুমি
দয়াবানৰ পৰা হৃদয়হীনলৈ ।
তেতিয়া চাবা
ফুলনিত তোমাৰ
অগণন হাচনাহানা ফুলিব
জকমকাই হালি-জালি ।
✍🏻হেমেন হাজৰিকা
ৰাণী কাহিকুছি