জাৰৰ পক উঠিছে
নিহালীৰ তলৰ উম
মহঙা হৈছে ।
পদিনাৰ চাটনিত
চকুপানী ওলোৱাকৈ
জাল বাঢ়িছে ।
শতাধিকৰ গাত
পানী নপৰাকৈ
স্নান কাৰ্য চলিছে ।
আন্ধাৰ পিপাসুবোৰে
পোৰা গোমধান
বিচাৰিছে অলিয়ে-গলিয়ে ।
সেৰেকা এসাজ ভাত
পোৰা জলকীয়া চাদ ।
নিশাৰ ভাগলৈ
নদীয়েদি এজাক
পোণামাছ আহিব
মাকে পটাত আদা বটিছে ।
Tags:
কবিতা