প্ৰতিজন বিষাদগ্ৰস্ত মানুহৰ
বুকুৰ ভিতৰত থাকে
অনামী আদিম দুখ
স্মৃতিৰে উজ্বল অনেক
প্ৰাচীৰ প্ৰহৰ
প্ৰতিজন বিষাদগ্ৰস্ত মানুহৰ
বুকুত বাজি থাকে
বিসৰ্জনৰ কৰুণ সংগীত
স্মৃতিভ্ৰষ্ট অন্ধকাৰত
ওপঙি থাকে অসহায় ভালপোৱা
প্ৰতিজন বিষাদগ্ৰস্ত মানুহে
হেলাৰঙে গুছি যাব পাৰে
অজান দেশলৈ অজানিতে
যন্ত্ৰণাৰে সংকুচিত কৰি থৈ
উপত্যকাৰ আকাশ বতাহ
প্ৰতিজন বিষাদগ্ৰস্ত মানুহৰ
হৃদয়ত থাকে
এজন অসহায় ঈশ্বৰ।