দুষ্ট ফাগুন-ববিতা শইকীয়া

©Admin
1
ফাগুন তুমি 
আলফুলিয়া ৰঙা মদাৰৰ দৰে
অলপ খং অলপ ৰং
আবেলিৰ বেলিটোৰ দৰে
হালধীয়া সৰাপাতৰ বুকুত
ফাগুণীৰ সেউজীয়া ৰং
চঞ্চল বসন্তৰ দৰে
আকলুৱা পছোৱা জাকৰ দৰে
বাউলি বতাহে কঁপাই কঁহুৱাৰ মন
উদং আকাশে যেতিয়া 
সেন্দুৰ পিন্ধে
লঠঙা ওখ বিৰিখ জোপাই কয়
ফাগুন .. কিয় ইমান দুষ্ট তুমি।

◾ববিতা শইকীয়া।
দেৰগাঁও।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment